India to be a Hotspot for Several Pandemics : শীঘ্ৰে ভাৰত হ’ব অতিমাৰীৰ কেন্দ্ৰ, কিয় কৈছে বৈজ্ঞানিকসকলে

india pandemic 1651387849802 1651387861218

আগন্তুক কিছু বছৰতেই বিশ্বত বহু নতুন প্ৰকাৰৰ জীৱাণুৰ সংক্রমণ আৰম্ভ হ’ব । ইয়াৰ ভিতৰত অধিকাংশই অতিমাৰীৰ ৰূপ ল’ব পাৰে । অধিকাংশ‌ই মানুহক চৰম বিপদত পেলাব পাৰে । এই দাবী বৈজ্ঞানিকসকলৰ ।

সম্প্রতি ‘নেচার’ পত্রিকাত প্রকাশিত হোৱা এক প্রতিবেদনত বৈজ্ঞানিকসকলে দাবী কৰিছে, আগন্তুক ৫০ বছৰৰ ভিতৰত পৃথিৱী প্রায় ১৫০০ অতিমাৰীৰ মুখামুখি হ’ব পাৰে । ভাৰত অতিমাৰীৰ কেন্দ্ৰ হৈ উঠিব পাৰে । ভাৰতৰ উপৰি আন এখন দেশ ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব পাৰে, সেইখন হ’ল ইন্দোনেছিয়া ।

বৈজ্ঞানিকসকলে জনাইছে, এই ক্ষেত্ৰত সৰ্ববৃহৎ ভূমিকা গ্ৰহণ কৰিব গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনে । ইয়াৰ উপৰি মাৰাত্মক ভূমিকা ল’ব পাৰে জনসংখ্যা বৃদ্ধিয়ে ।

এই গৱেষণাপত্রত মূলত পাঁচটা বিষয়ত কোৱা হৈছে । চাওক সেইবোৰ কি কি ।

যিমানে গৰম বাঢ়িব, বিভিন্ন প্রাণীয়ে সিহঁতৰ পুৰণি বাসস্থান এৰি আৰু শীতল পৰিৱেশৰ দিশে যাত্রা কৰিব । তাত সিহঁতে বিভিন্ন নতুন প্রাণীৰ মুখামুখি হ’ব । ফলত এটা প্রাণীৰ শৰীৰৰ পৰা অন্য প্রাণীৰ শৰীৰত জীৱাণু সংক্ৰমণ হ’ব । তাৰ ফলতেই হ’ব মিউটেছন । জন্ম ল’ব নতুন জীৱাণুৱে । তাৰ অধিকাংশই অতিমাৰী সৃষ্টি কৰিব পাৰে ।

কৰ’না কালত বোজা গৈছে Zoonotic Studies-ৰ গুৰুত্ব বাঢ়িছে । এটা প্রাণীৰ পৰা অন্য প্রাণীৰ শৰীৰত জীৱাণুৰ সংক্ৰমণ, মিউটেছন আৰু নতুন অতিমাৰীৰ সৃষ্টিৰ কার্যকাৰণ ব্যাখ্যা কৰিব পাৰে বিজ্ঞানে । আগন্তুক সময়ত বিজ্ঞানেই ক’ব মানুহ আৰু বিভিন্ন প্রাণীৰ ক্ষতিৰ শংকা কিমান বাঢ়িছে ।

বিভিন্ন প্রাণীৰ ভিতৰত জীৱাণুৰ সংক্ৰমণ সৰ্বাধিক মাত্রাত হ’ব এছিয়া আৰু আফ্রিকাৰ বিভিন্ন দেশত । কাৰণ এইসমূহ দেশৰ জনঘনত্ব আৰু জনসংখ্যা অন্য মহাদেশৰ দেশসমূহৰ তুলনাত অধিক । বিশেষকৈ ভাৰত আৰু ইন্দোনেছিয়াৰ কথা কোৱা হৈছে এই প্ৰতিবেদনত ।

এই ঘটনা আৰম্ভ হৈছে । বৈজ্ঞানিকসকলৰ মত, এতিয়া কার্বন এমিছন কমাই বা গোলকীয় উষ্ণতা ৰোধ কৰিলেও এই প্রক্রিয়াৰ গতি কমিব । ইয়াক আৰু প্ৰতিৰোধ কৰিব পৰা নাযাব ।

বাদুলিৰ দৰে প্রাণী ইতিমধ্যে এই জাতীয় জীৱাণু ভাণ্ডাৰত পৰিণত হৈছে । যিমানে গৰম বাঢ়িব বাদুলিৰ কাৰণেই জীৱাণু এটা স্থানৰ পৰা অন্য স্থানলৈ বিয়পি পৰিব ।

আগন্তুক সময় যে খুব সুখকৰ হ’ব — এনে আশাৰ কথা কোৱা নাই বৈজ্ঞানিকসকলে । তেওঁলোকৰ মতে, আগন্তুক সময়ত মাৰাত্মক বিপদ অপেক্ষা কৰি আছে মানুহসহ সমগ্ৰ প্রাণীকুলৰ বাবে । সেই বিপদৰ পৰা ৰক্ষা পোৱা সম্ভৱ নহয় ।

Exit mobile version