LPG price hike : পুনৰ বৃদ্ধি পালে এলপিজি বাণিজ্যিক গেছৰ দাম ! বৃদ্ধি পাব পাৰে ৰেস্তোৰাঁত খাদ্যৰ খৰচ

lpg gas pti 1

পুনৰ বৃদ্ধি পালে এলপিজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম । ১৯ কেজি ওজনৰ গেছ চিলিণ্ডাৰৰ দাম আগৰ তুলনাত ১০২.৫০ টকা বাঢ়িছে । অর্থাৎ আগতে যি চিলিণ্ডাৰৰ দাম ২,২৫৩ টকা আছিল, তাৰ দাম বাঢ়ি ২,৩৫৫.৫০ টকা হৈছে ।

আনকি, ৫ পাঁচ কেজি ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দামো বাঢ়িছে । এতিয়াৰ পয়া ৬৫৫ টকাত পোৱা যাব পাঁচ কেজি গেছৰ চিলিণ্ডাৰ ।

দেওবাৰে এক মে’ৰ পৰা বজাৰত এই দামতেই এলপিজি বাণিজ্যিক গেছ চিলিণ্ডাৰ কিনিব লাগিব । এক এপ্রিল ১৯ কেজি ওজনৰ গেছ চিলিণ্ডাৰৰ দাম চিলিণ্ডাৰ প্রতি ২৫০ টকা বঢ়োৱা হৈছিল ।

ইয়াৰ উপৰি মার্চটো এলপিজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ১০৫ টকা বাঢ়িছিল । ইয়াৰ পাছত আৰু এবাৰ বৃদ্ধি কৰা হ’ল গেছৰ দাম । ইয়াৰ ফলত ৰেস্তোৰাঁত খাদ্যৰ দাম, ফাষ্ট ফুডৰ দাম বাঢ়িব পাৰে ।

লক্ষ্যণীয় যে, প্রায় প্রতি মাহতেই বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বাঢ়ি আছে ।

Exit mobile version