RBI : ক’ভিডে ভংগুৰ কৰা অৰ্থনীতিলৈ ১২ বছৰৰ পাছতহে আহিব সুদিন

ৰিজাৰ্ভ বেংকৰ সকীয়নি, জিডিপিৰ তুলনাত চৰকাৰী দেনাৰ পৰিমাণ হ্ৰাস কৰাটো জৰুৰী

884004 rbi policy1

ক’ভিডৰ ফলত অৰ্থনীতিত যি ক্ষতি হৈছে, সেয়া পূৰণ কৰিবলৈ আৰু ১২ বছৰ লাগিব । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, অতিমাৰীৰ আঘাতত সৃষ্টি হোৱা অৰ্থনীতিৰ ক্ষত কমেও ২০৩৪-৩৫তহে নিৰাময় হ’বগৈ । ক’ভিড আৰু তলাবন্ধৰ ফলত দেশৰ অৰ্থনীতিৰ গতি কাৰ্যতঃ স্তব্ধ হৈ পৰিছিল । অতিমাৰীৰ প্ৰথম আঘাততেই দেশৰ অৰ্থনীতি বা জিডিপিৰ ৬.৬ শতাংশ সংকোচন ঘটিছিল ।

ৰিজাৰ্ভ বেংকে নিজৰ বাৰ্ষিক ‘মুদ্ৰা আৰু বিত্ত’ শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰিছে যে আৰ্থিক কাম-কাজলৈ গতি আহিলেও এতিয়াহে সেয়া ক’ভিডৰ আগৰ পৰ্যায়ত উপনীত হৈছে । অৱশ্যে সকলো ক্ষেত্ৰতে অৰ্থনীতিয়ে সমানভাৱে উভতি থিয় দিব পৰা নাই ।

উল্লেখ্য যে অতিমাৰীৰ সময়ত দেশৰ কৃষিক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰা নাছিল । ইয়াৰ বিপৰীতে কাৰখানাৰ উৎপাদন, নিৰ্মাণ আদিয়ে ঘূৰি থিয় দিয়াৰ দিশে অগ্ৰসৰ হৈছে । অৱশ্যে হোটেল, পৰিবহণ, যোগাযোগ, ব্যৱসায়িক লেনদেনৰ দৰে ক্ষেত্ৰসমূহতো উভতি থিয় দিয়াৰ লক্ষণ দেখা গ’লেও এতিয়াও এই ক্ষেত্ৰসমূহ সমস্যাত জৰ্জৰিত হৈ আছে ।

সামগ্ৰিকভাৱে অৰ্থনীতিৰ গাঁথনিগত সমস্যা, ক’ভিডৰ ক্ষত এতিয়াও প্ৰত্যাহ্বানজনক হৈ আছে । ইয়াৰ সমান্তৰালকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ‌ও অৰ্থনীতিৰ পুনৰ উন্নতিত বাধা হৈ পৰিছে । কাৰণ ইয়াৰ ফলত বজাৰত সামগ্ৰীৰ মূল্যবৃদ্ধি, আন্তৰ্জাতিক অৰ্থনীতিত বৃদ্ধিৰ কৰুণ ছবি আৰু বিনিয়োগৰ অভাৱৰ দৰে সমস্যাৰ সৃষ্টি হৈছে । ভাৰতৰ দৰে আমদানিকৃত তেলৰ ওপৰত নিৰ্ভৰ কৰা দেশৰ সমস্যা অধিক ডাঙৰ হৈ পৰিছে । কাৰণ ইতিমধ্যেই ক’ভিডৰ পাছত মানুহক সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ যাওঁতে চৰকাৰৰ ৰাজকোষতো আকাল পৰাৰ দৰে অৱস্থা হৈছে ।

ৰিজাৰ্ভ বেংকৰ মতে সম্প্ৰতি গৃহস্থৰ উপাৰ্জনত কঠিনতা আহিছে । ফলত সংসাৰৰ ব্যয়ৰ পাছত হাতত অতি কম টকাহে মজুত আছে । শ্ৰমিকসকলে চহৰৰ পৰা গাঁৱলৈ প্ৰত্যাৱৰ্তন কৰিছে আৰু তাৰ ফলত বজাৰতো কিনা-বেচা চলিছে । ফলত আৰ্থিক বৃদ্ধিৰ গতিপথেই নিম্নগামী হৈছে । সম্প্ৰতি দেশৰ আৰ্থিক বৃদ্ধি ৬.৫ৰ পৰা ৮.৫ শতাংশৰ ভিতৰত থাকিব ।

অৱশ্যে সেয়াও অৰ্থনীতিত একাংশ সংস্কাৰৰ ওপৰতহে নিৰ্ভৰ কৰিছে । জিডিপিৰ তুলনাত চৰকাৰী দেনাৰ পৰিমাণ কমাই অনাও জৰুৰী বুলি ৰিজাৰ্ভ বেংকে গণ্য কৰিছে । প্ৰতিবেদনত কোৱা হৈছে যে জিডিপিৰ তুলনাত চৰকাৰী দেনাৰ হাৰ সম্প্ৰতি ৯০ শতাংশ । ৰিজাৰ্ভ বেংকৰ মতে, এই হাৰ আগন্তুক পাঁচ বছৰত ৬৬ শতাংশলৈ নমাই আনিব লাগিব । অৰ্থনীতিৰ অৱস্থা ঘূৰাই আনিবলৈ, বৃদ্ধিৰ হাৰ ধৰি ৰাখিবলৈ মূল্যবৃদ্ধি বা বিভিন্ন সামগ্ৰীৰ দাম স্থিৰ হোৱাও প্ৰয়োজন বুলি ৰিজাৰ্ভ বেংকে মত প্ৰকাশ কৰিছে ।

উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ ওপৰতে আছে বজাৰত মূল্যবৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণত ৰেখাৰ দায়িত্ব । যদিও সম্প্ৰতি সেয়া বিপদসীমাৰ ওপৰতে আছে । ৰিজাৰ্ভ বেংকে প্ৰতিবেদনত যিদৰে বজাৰদৰ স্থিৰ হোৱাৰ প্ৰয়োজনীয়তাৰ কথা কৈছে, সেয়া তাৎপৰ্যপূৰ্ণ বুলিয়ে ধাৰণা কৰিছে বিত্ত মন্ত্ৰণালয়ৰ মুৰব্বীসকলে । ৰিজাৰ্ভ বেংকৰ মতে, বৃদ্ধি ধৰি ৰাখিবলৈ কম খৰচত ভূমিৰ বন্দোবস্তি, শিক্ষা আৰু কৰ্মী‌ প্ৰশিক্ষণত বেছি খৰচ কৰি শ্ৰমিকসকলৰ মান উন্নয়ন, চহৰৰ আন্তঃগাথঁনিৰ উন্নতিত সংস্কাৰ জৰুৰী হৈ পৰিছে ।

লক্ষ্যণীয়ভাৱে ক’ভিডৰ প্ৰথম বছৰ, ২০২০-২১ত আৰ্থিক বৃদ্ধিৰ সলনি জিডিপিৰ ৬.৬ শতাংশ সংকোচন হৈছিল । অৰ্থনীতিৰ পৰিভাষা মানি দেশৰ অৰ্থনীতি মন্দাৰ কবললৈ গুচি গৈছিল । ৰিজাৰ্ভ বেংকৰ বক্তব্য হৈছে যে ২০২১-২২ত ৮.৯ শতাংশ আৰ্থিক বৃদ্ধি, চলিত বিত্তীয় বৰ্ষ, ২০২২-২৩ত ৭.২ শতাংশ বৃদ্ধি আৰু তাৰ পাছত ৭.৫ শতাংশ বৃদ্ধি ধৰি লৈ ভাৰতত ক’ভিডৰ ফলত হোৱা ক্ষতিৰ পৰা ২০২৪-৩৫লৈকে সকাহ পাব পৰা যাব বুলি আশা কৰিব পাৰি । ৰিজাৰ্ভ বেংকৰ অনুমান অনুসৰি, টকাৰ অংকত ২০২০-২১ত অৰ্থনীতিৰ উৎপাদনত লোকচানৰ পৰিমাণ আছিল ১৯.১ লাখ কোটি টকা । ২০২১-২২ত লোকচানৰ পৰিমাণ ১৭.১ লাখ কোটি টকা । আনহাতে, ২০২২-২৩ত লোকচান ১৬.৪ লাখ কোটি টকা ।

Exit mobile version