Russia Ukraine War : মেলিটোপ’ল সংগ্ৰহালয়ত লুট ৰুছ সেনাৰ ! বহু মূল্যৱান সোণৰ প্রত্নতাত্বিক সামগ্রী হেৰুৱাৰ দাবী ইউক্রেইনৰ

russia wants ukraine badly 120 0

ইখনৰ পাছত সিখন চহৰৰ লুটপাত চলি আছে, বাদ নপৰিল মেলিটোপ’লৰ ঐতিহাসিক সংগ্ৰহালয়ো । ইউক্রেইনৰ এই সংগ্ৰহালয়ত লুটপাত চলাই ছাইথিয়ান জাতিৰ বহুমূল্য সোণৰ প্রত্নতাত্বিক সামগ্রী নিছে ৰুছ সেনাই । এই দাবী কৰিছে মেলিটোপ’ল চহৰৰ মেয়ৰ ইভান ফোডোৰভে ।

তেওঁ কয়, “ৰাছিয়াৰ দুর্বৃত্তসকলে আমাৰ সংগ্ৰহালয়ত লুটপাত চলাই ছাইথিয়ান জাতিৰ সকলো মূল্যবান প্রত্নতাত্বিক সামগ্রী লৈ গৈছে । ক’ত নিছে তাৰ কোনো সন্ধান পোৱা নাই । অৱশ্যে আশা কৰিছো এই অতিমূল্যবান সামগ্রী আমাক ঘূৰাই দিয়া হ’ব ।”

সংগ্ৰহালয়ৰ বিষয়া লীলা ইব্রাহিমোভা দ্য নিউ ইয়র্ক টাইমছ-ক জনাইছে, ৰুছ সেনাই সংগ্ৰহালয়ত আক্ৰমণ চলাই কেয়াৰটেকাৰক অপহৰণ কৰে । তাৰ পাছত সোণৰ প্রত্নতাত্বিক সামগ্রী যি ঘৰত ৰখা হৈছিল তালৈ যায় । অবাধে লুণ্ঠন চলাই সংগ্ৰহালয় এৰি গুচি যায় ।

কি কি লুট কৰিছে ৰুছ সেনাই তাৰো এখন তালিকা দিছে ইব্রাহিমোভাই । তেওঁৰ দাবী, ৰুছ সেনাই মুঠ ১৯৮টা সোণৰ প্রত্নতাত্বিক সামগ্রী লুট কৰিছে । তাৰ ভিতৰত অস্ত্র-শস্ত্র‌ও আছে । ইয়াৰ উপৰি শতাব্দীপ্রাচীন ৰূপৰ মুদ্ৰা, পদক আৰু বিৰল প্রত্নতাত্বিক সামগ্রী আছে ।

ছাইথিয়ানসকলে হ’ল যাযাবৰ গোষ্ঠী । খ্রিষ্টপূর্ব ৮০০ শতাব্দিত তেওঁলোকে ইৰানৰ পৰা দক্ষিণ ৰাছিয়া আৰু ইউক্রেইনত বসবাস কৰা আৰম্ভ কৰে । বর্তমান ক্রাইমিয়াত আছিল ছাইথিয়ানসকলৰ ৰাজত্ব ।

Exit mobile version