Ukraine War : ইউক্রেইনৰ বিমান চাউনিত ৰুছ আক্ৰমণত বৃহৎ ক্ষতি আমেৰিকাৰ, বাইডেনক কঠোৰ বার্তা মস্কোৰ

8ad26d74 c6bb 11ec 9594 189f2e0e6eac 1651399493768 1651399558136

চলিত যুদ্ধত ইউক্রেইনক সহায় কৰিছে আমেৰিকাই । বিষয়টো ভালভাৱে লোৱা নাই ক্রেমলিনে । এনে পৰিস্থিতিত বাৰম্বাৰ সকীয়নি দিছে ভ্লাদিমিৰ পুটিনে । এইবাৰ ইউক্রেইনৰ এটা বিমান চাউনিত আক্ৰমণ চলাই আমেৰিকাৰ বৃহৎ ক্ষতি কৰিলে ৰুছ বাহিনীয়ে । তথ্য অনুসৰি, ইক্রেইনৰ অ’ডেছাৰ কাষত অৱস্থিত এটা বিমান চাওনিত আক্ৰমণ চলাই মার্কিন অস্ত্র ধ্বংস কৰিছে ৰাছিয়াই । লগতে সেই বিমান চাউনিৰ ৰানৱে ধ্বংস কৰা হৈছে বুলিও দাবী কৰা হৈছে ৰাছিয়াৰ তৰফৰ পৰা ।

অ’ডেছাৰ আঞ্চলিক গভর্নৰ মেকছিম মাৰচেনকোৱে কৈছে, ৰাছিয়াই ক্রাইমিয়াৰ পৰা বেষ্টিয়ন ক্ষেপণাস্ত্র ব্যৱহাৰ কৰি এই আক্ৰমণ চলাইছে । উল্লেখ্য, আমেৰিকাই সম্প্রতি ৩৩ বিলিয়ন ডলাৰ সাহায্যৰ ঘোষণা কৰিছে ইউক্রেইনৰ বাবে । মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে প্রায়েই ধাৰাবাহিকভাৱে এই যুদ্ধৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে আক্রমণ চলাইছে । এনে পৰিস্থিতিত ইউক্রেইনৰ সাহায্যার্থে প্ৰেৰণ কৰা মার্কিন অস্ত্র ধ্বংস কৰি আমেৰিকাক বার্তা দিলে ৰাছিয়াই ।

ইপিনে, ৰুছ প্রতিৰক্ষা মন্ত্রণালয়ে কৈছে যে তেওঁলোকৰ বিমান প্রতিৰক্ষা ব্যৱস্থাই খাৰকিভ অঞ্চলত নিশাৰ ভিতৰতে দুটা ইউক্রেনীয় Su-24m বোমাৰু বিমানক গুলি কৰি ধ্বংস কৰিছে ।

আনহাতে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে কালি দাবী কৰে যে যুদ্ধত এই পর্যন্ত ২৩ হেজাৰৰো অধিক ৰুছ সৈনিকৰ মৃত্যু হৈছে‌ । তেওঁ কয়, ‘ৰাছিয়ান কমাণ্ডাৰসকলে তেওঁলোকৰ সৈন্যক মিছা কৈছে । ৰাছিয়ান সেনাবাহিনীয়ে মৃতদেহ সংৰক্ষণৰ বাবে অতিৰিক্ত ৰেফ্রিজাৰেটৰ ট্রাক প্রস্তুত কৰিছে । কিন্তু জেনেৰেলসকলে সৈনিকসকলক কৈছে যে নতুনকৈ কিমান ক্ষয়-ক্ষতি অনুমান কৰিছে তেওঁলোকে ।’

ইপিনে, যুদ্ধ আৰু পৰস্পৰ বিৰোধী সকীয়নি সত্ত্বেও দুই দেশৰ শান্তি আলোচনা চলিছে । ৰুছ বৈদেশিকমন্ত্রী ছের্গেই লেভৰভে অৱশ্যে জনায়, শান্তি প্রক্রিয়া আগুৱাই লৈ যোৱাৰ পথ দুর্গম হৈছে ।

Exit mobile version