অমিতা খালেও হ’ব পাৰে মাৰাত্মক বিপদ! জানি লওক কাৰ বাবে এইফল ক্ষতিকাৰক

l205 28711605114188

অমিতা খোৱাটো শৰীৰৰ বাবে বৰ ভাল। চিকিৎসকসকলে দৈনিক আহাৰত অমিতা ৰাখিবলৈ কয়। যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে, বা লিভাৰ ভাল ৰাখিব বিচাৰে, তেওঁলোকে অমিতা খাব লাগে। কিন্তু জানেনে, অমিতা খোৱাটো ভাল হ’লেও, ই সকলোৰে বাবে ভাল নহয়। চিকিৎসকৰ মতে, অমিতাই কেবাটাও ৰোগ বৃদ্ধি কৰিব পাৰে।

★গৰ্ভৱতী মহিলাসকলে একেবাৰে অমিতা খাব নালাগে। কেঁচা হওঁক বা পকা হওঁক। অমিতাত লেটেক্স আৰু পেপেইন থাকে। যি জৰায়ুসংকোচন কাৰণ হ’ব পাৰে। সেয়েহে, গৰ্ভৱতী মহিলাই অমিতা পৰিহাৰ কৰক।

★যিসকলৰ অনিয়মিত হৃদস্পন্দনৰ সমস্যা আছে তেওঁলোকে একেবাৰে অমিতা খাব নালাগে। অধিক অমিতা খোৱাৰ ফলত হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

★ যদি কিডনিত পাথৰ থাকে, অমিতা পৰিহাৰ কৰাই ভাল। কাৰণ, অমিতাত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। অত্যাধিক ভিটামিন চি গ্ৰহণ কৰিলে কেলচিয়াম অক্সালেট বৃক্কৰ পাথৰ সৃষ্টি হ’ব পাৰে।

★বিশেষজ্ঞসকলৰ মতে, অমিতাই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত যথেষ্ট কাম কৰে। অৱশ্যে, যিসকলৰ হাইপোগ্লাইচেমিয়াৰ সমস্যা আছে অৰ্থাৎ ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস হয়, তেওঁলোকে অমিতাৰ পৰা আঁতৰি থাকিব লাগে। অমিতাত এণ্টি-হাইপোগ্লাইচেমিক বা গ্লুকোজ হ্ৰাসকাৰী উপাদান থাকে।

★চিকিৎসকৰ মতে, যিকোনো ফল খোৱাটো শৰীৰৰ বাবে ভাল। অৱশ্যে, প্ৰতিটো ফলৰ পাৰ্শ্বক্ৰিয়া থাকে। গতিকে অলপ জানি শুনি ফলসমূহ খালে সহায়ক হ’ব। প্ৰয়োজন হ’লে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

Exit mobile version