Bhool Bhulaiyaa 2 Title Track : ‘তেৰি আঁখে ভুলভুলইয়া…’, সামাজিক মাধ্যমত খলকনি তুলিছে ‘ভুলভুলইয়া টু’-ৰ টাইটেল ছঙে

bhool bhulaiyaa 2 trailer the box office 001

অহা ২০ মে’ত মুক্তি পাব কার্তিক আৰিয়নৰ (Kartik Aaryan) বহু প্রতীক্ষিত ছবি ‘ভুলভুলইয়া টু’ (Bhool Bhulaiyaa 2) । ইতিমধ্যে এই ছবিৰ একাধিক টিজাৰ, মোছন প’ষ্টাৰ আৰু ট্রেইলাৰ মুক্তি পাইছে । হ’ৰৰ কমেডি এই ছবিৰ টিজাৰত দেখা গৈছে নানা চমক । বেকগ্রাউণ্ডত বাৰম্বাৰ বাজিছে মঞ্জুলিকাৰ প্ৰসিদ্ধ গীত ‘আমি যে তোমাৰ’ । এইবাৰ সামাজিক মাধ্যমত মুক্তি পালে ‘ভুলভুলইয়া টু’ ছবিৰ টাইটেল ছং (Bhool Bhulaiyaa 2 Title Track) । মুক্তি পোৱাৰ পাছতেই দৃষ্টি আকৰ্ষণ কৰিছে এই গীতৰ ভিউৱে ।

‘ভুলভুলইয়া টু’ ছবিৰ টাইটেল ট্রেক :

‘তেৰি আঁখে ভুলভুলইয়া/ বাতে হ্যে ভুলভুলইয়া…’ কিছু বছৰ আগতে এই গীততেই নাচিছিল সৰুৰ পৰা ডাঙৰ সকলো । ‘ভুলভুলইয়া’ ছবিৰ ব্লকবাষ্টাৰ হিট এই গীতকেই ৰিমেক কৰি ব্যৱহাৰ কৰা হৈছে ‘ভুলভুলইয়া টু’ ছবিত । যদিও গীতৰ দৃশ্য আৰু পোচাকত নানা সালসলনি কৰা হৈছে ।

হ’ৰৰ কমেডিৰ বাহিৰত গৈ ডান্স ফ্ল’ৰ কঁপাবৰ বাবে ‘ভুলভুলাইয়া টু’ৰ টাইটেল ট্রেক তৈয়াৰ কৰা হৈছে । ক’লা ছুটত ডান্স ফ্ল’ৰ কঁপাইছে কার্তিক আৰিয়নে । বস্কো ছিজাৰৰ কোৰিঅ’গ্রাফিত ‘হৰে কৃষ্ণ হৰে ৰাম’ যেন নতুন প্রজন্মৰ মাজত আৰু অধিক মনোগ্রাহী হৈ উঠিছে । সেয়ে সামাজিক মাধ্যমত টাইটেল ছং মুক্তি পোৱাৰ পাছতেই তাৰ ভিউ মাত্র কিছু ঘণ্টাতেই ৪০ লাখ অতিক্ৰম কৰিছে ।

আজি বলিউড অভিনেতা কার্তিক আৰিয়নে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ‘ভুলভুলইয়া টু’ ছবিৰ টাইটেল ছং প’ষ্ট কৰিছে । লগতে লিখিছে, ‘এইবাৰ ৰুহ বাবাৰ স’তে জিগজেগ ষ্টেপ কৰুন ।’ প্রসংগত, আগৰ বেচ কিছু ছবিত এনে হুক ষ্টেপ কৰা দেখা গৈছে কার্তিক আৰিয়নক । ‘ধিমে ধিমে’, ‘কোকা কোলা’, ‘দিল চোৰি’ৰ দৰে গীতত এই ডান্স ষ্টেপেৰে অনুৰাগীৰ মন জয় কৰিছিল ।

পৰিচালক অনীশ বাজমিৰৰ ‘ভুলভুলইয়া টু’ ছবিত মুখ্য চৰিত্রত দেখা যাব কার্তিক আৰিয়ন, কিয়াৰা আডবাণী, তব্বুক । ইয়াৰ উপৰি গুৰুত্বপূর্ণ চৰিত্রত দেখা যাব ৰাজপাল যাদৱক । অহা ২০ মে’ত মুক্তি পাব ছবিখন ।

Exit mobile version