Health issues With High Heels :দোকানত গ’লে হাই হিলৰ ওপৰত চকু যায় ? নিয়মিত হিল পৰিধান কৰিলে কি ক্ষতি হয় জানেনে ?

1651502565 new project 11

সঠিক সাজ-পোছাকৰ স’তে খাপ খোৱা জোতা পৰিধান নকৰিলে যেন একো ভালে নাযায় ! প্ৰিয় জোতা বাছনি কৰাৰ সময়ত কি আপুনাৰ চকু হাই হিলৰ ওপৰত যায় ?

হাড় আৰু স্নায়ুবিশেষজ্ঞসকলৰ মতে, আজিকালি কম বয়সৰ যুৱতীসকলৰ ক্ষেত্ৰত হিল পিন্ধাৰ অভ্যাসৰ ফলত আৰ্থ্ৰাইটিছৰ সমস্যা হয়। কেৱল সেয়াই নহয়, এই অভ্যাসৰ ফলস্বৰূপে, আপোনাৰ শৰীৰত বহুতো ৰোগ সৃষ্টি হ’ব পাৰে।

হিল পৰিধান কৰিলে কেনেকুৱা ধৰণৰ সমস্যাটো হ’ব পাৰে?

আঁঠুৰ সমস্যা: দীঘল পেঞ্চিল হিল পিন্ধিলে, ভৰিটো সকলো সময়তে ওখ হৈ থাকে। ফলস্বৰূপে, ৰক্ত সঞ্চালনত সমস্যা হয়। দীৰ্ঘ সময় ধৰি যদি ভৰি ওখকৈ ৰাখে শৰীৰৰ ভৰ পোনপটীয়াকৈ আঁঠুৰ ওপৰত পৰে। আঁঠুয়ে শৰীৰৰ ভাৰসাম্যও বজাই ৰাখে। ক্ৰমে ক্ষয় হয় মালাইচাকীৰ পিছফালৰ কাৰ্টিলেজ । ইয়াৰ ফলত অষ্টিও-আৰ্থ্ৰাইটিছৰ দৰে ৰোগ হ’ব পাৰে।

মগজুৰ ওপৰত প্ৰভাৱ: হিল পিন্ধি থাকোঁতে, ভৰিৰ স্থিতি মাটিৰ সমান্তৰাল নহয়, সেয়েহে সমগ্ৰ শৰীৰত ৰক্ত সঞ্চালন ব্যাহত হয়। ই মগজুৰ হাইপোথেলামাছকো প্ৰভাৱিত কৰে। ইয়াৰ ফলত, ভয়ানক মুৰৰ বিষ হোৱাৰ সম্ভাৱনাও আছে।

স্নায়ুৰ সমস্যা: এনে জোতাৰ বাবে, ভৰিৰ স্নায়ুৰ কাৰ্যক্ষমতাও হ্ৰাস হয়। এই অভ্যাসৰ ফলত স্নায়ুৰ বিভিন্ন সমস্যা হ’ব পাৰে। আনকি, ভৰি জঠৰ হোৱাৰ ফলত পেৰালাইছিছো হ’ব পাৰে।

Exit mobile version