এইবাৰ স্বাস্থ্য খণ্ডত চাৰি বিলিয়ন ডলাৰ বিনিয়ােগ কৰিব আদানীয়ে

pjimage 2022 04 02T213730.386

বিশ্বৰ পঞ্চম ধনাঢ্য ব্যক্তি গৌতম আদানীয়ে এইবাৰ স্বাস্থ্য খণ্ডত ধন বিনিয়ােগ কৰিব। প্রকাশিত বাতৰি অনুসৰি স্বাস্থ্য খণ্ডত বিনিয়ােগ আৰম্ভ কৰি আদানীয়ে বৃহৎ চিকিৎসালয়, ডায়েগ্নষ্টিক চেণ্টাৰ, অফলাইন আৰু ডিজিটেল ফার্মাচী অধিগ্রহণ কৰাৰ সম্ভাৱনা আছে।

বিমানকোঠৰ পৰা আৰম্ভ কৰি বন্দৰলৈকে বৃহৎ ব্যৱসায়ী সম্প্ৰসাৰণ কৰা আদানী গ্রুপে এইবাৰ স্বাস্থ্য খণ্ডত প্ৰৱেশ কৰাৰ যােজা চলাইছে।

প্রকাশিত বাতৰি অনুসৰি, সাম্প্রতিক সময়ৰ এছিয়াৰ সবাতােকৈ ধনী ব্যক্তি হিচাপে পৰিচিত হােৱা আদানীয়ে ভাৰতীয় স্বাস্থ্য খণ্ডত চাৰি বিলিয়ন ডলাৰৰ বিনিয়ােগৰ এক পৰিকল্পনা প্রস্তুত কৰিছে। অৱশ্যে বর্তমানলৈকে আদানী গােষ্ঠীয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘােষণা কৰা নাই।

Exit mobile version