এপ্ৰিলত ভাৰতত ৭.৮৩ শতাংশ বৃদ্ধি পালে নিবনুৱা

VWBW66XpGucckTMepoJACM 1200 80

এফালে দেশৰ অৰ্থনীতিৰ পুনৰুত্থান হ’বলৈ ধৰিছে আৰু একে সময়তে দেশৰ সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) সংগ্ৰহৰ পৰিমাণাে অভিলেখ হাৰত বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ভাৰতত নিবনুৱাৰ সংখ্যা হ্রাস পােৱাৰ পৰিৱর্তে ক্রমে বৃদ্ধি পাবলৈ ধৰিছে।

প্রকাশিত তথ্য অনুসৰি বিগত এপ্রিলত ভাৰতত নিবনুৱাৰ হাৰ ৭.৮৩ শতাংশ বৃদ্ধি পালে। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ মার্চত দেশৰ নিবনুৱা বৃদ্ধিৰ হাৰ আছিল ৭.৬০ শতাংশ। চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকনমি (চি এম আই ই)ৰ দ্বাৰা প্রকাশিত প্রতিবেদনত নিবনুৱাৰ হাৰ বৃদ্ধিৰ সন্দৰ্ভত এই তথ্য উল্লেখ কৰা হৈছে।

প্রতিবেদনত উল্লেখ কৰা মতে, এপ্রিলত নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ চহৰ অঞ্চল আগবাঢ়ি আছে। অর্থাৎ চহৰৰ তুলনাত ভাৰতৰ গ্রামাঞ্চলত যােৱা মাহত নিবনুৱাৰ সংখ্যা সামান্য হ্রাস পালে। মার্চত ভাৰতৰ চহৰ অঞ্চলত নিবনুৱাৰ হাৰ আছিল ৮.২৮ শতাংশ আৰু এপ্রিলত এই হাৰ বৃদ্ধি পাই ৯.২২ শতাংশ হ’ল।

একেদৰে মাৰ্চত ভাৰতত গ্রামাঞ্চলত নিবনুৱাৰ হাৰ আছিল ৭.২৯ শতাংশ আৰু এপ্রিলত গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৭.১৮ শতাংশলৈ হ্রাস পালে। চি এম আই ইৰ তথ্য অনুসৰি দেশৰ বিভিন্ন ৰাজ্যৰ ভিতৰত সম্প্রতি হাৰিয়ানাত নিবনুৱাৰ হাৰ সর্বাধিক হৈছে। নিবনুৱাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে ৰাজস্থান।

নিবনুৱাৰ হাৰ হাৰিয়ানাত ৩৪.৫ শতাংশ আৰু ৰাজস্থানত ২৮.৮ শতাংশ হৈছে। অর্থনীতিবিদসকলৰ মতে, ঘৰুৱা চাহিদা বৃদ্ধি আৰু মূল্যবৃদ্ধিৰ ফলত আর্থিক বিকাশৰ গতি বাধাপ্রাপ্ত হােৱাৰ ফল নিয়ােগখণ্ড যথেষ্ট প্রভাৱিত হৈছে। উল্লেখ্য যে যােৱা মার্চত ভাৰতত উপভােক্তা মূল্যবৃদ্ধি ১৭ মাহৰ সর্বাধিক স্তৰত উপনীত হৈ ৬.৯৫ শতাংশ হৈছিল।

Exit mobile version