Akshay Tritiya, Gold Price : দুই মাহৰ অভিলেখ ভংগ সোণৰ দামত, চাওক কিমান কমিল

PTI11 02 2021 000148A 0 1636546950263 1636546972504

অক্ষয় তৃতীয়াত সোণ আৰু ৰূপ কিনা শুভ বুলি ধাৰণা কৰা হয় । এই উপলক্ষ্যে সোণ কিনাৰ পৰিমাণ বাঢ়ে আৰু লগতে দামো বাঢ়ি থাকে । কিন্তু এইবাৰ অক্ষয় তৃতীয়াৰ সময়ত সোণৰ দামত অভিলেখ ভংগ হৈছে । ইয়াকে লৈ তিনি দিন সোণ আৰু ৰূপৰ দাম কমিছে ।

মঙলবাৰে, MCX-ত সোণৰ দাম ২.১৩ শতাংশ কমি ১০ গ্রাম সোণৰ দাম হৈছে ৫০,৩৫০ টকা । একেই সময়তে, ৰূপৰ দামত ২.১৪ শতাংশ পতন হৈছে । ৰূপৰ দাম কমি কেজি প্রতি ৬২,৯৭০ টকা হৈছে ।

অক্ষয় তৃতীয়া উপলক্ষে আইবিজেএ-ৰ ৱেবছাইটত দাম প্রকাশ কৰা হোৱা নাই । এনে পৰিস্থিতিত দুই মে’ বন্ধ হোৱাৰ সময়ৰ বজাৰ দৰতেই সোণৰ দাম ৰৈ গৈছে । দুই মে’ত, ২৪-কেৰেট সোণ কমি প্রতি ১০ গ্রামৰ দাম হৈছিল ৫১,৩৩৬ টকা । ইয়াৰ উপৰি ২২ কেৰেট সোণৰ দাম ৫১,১৩০ টকা আৰু ২০ কেৰেট সোণৰ প্রতি ১০ গ্রামৰ দাম ৪৭,০২৪ টকা হৈছে ।

৯৯৯ বিশুদ্ধ ৰূপৰ দাম প্রতি কেজিত ৬২,৯৫০ হৈছে । বিগত দুমাহৰ সোণৰ দামৰ অভিলেখ ভংগ হৈছে বুলিয়ন বজাৰত । IBJA অনুসৰি, ইয়াৰ আগতে ২৮ ফেব্রুৱাৰীত প্রতি ১০ গ্রাম সোণৰ দাম আছিল ৫০,৬৯৬ টকা । ২৮ ফেব্রুৱাৰীৰ পাছৰ পৰা সোণৰ দাম ক্রমাগত বাঢ়িছে ।

বৰ্ধিত মুদ্রাস্ফীতি ৰোধ কৰিবলৈ ফেডাৰেল ৰিজার্ভৰ সুদৰ হাৰ বঢ়োৱাৰ সম্ভাৱনা আছে । সেয়ে বজাৰত চাপ বাঢ়িছে । বিশেষজ্ঞসকলে আশা কৰিছে সুদৰ হাৰ ৫০ বেছিছ প‌ইন্ট বৃদ্ধি পাব ।

সোণ আৰু ৰূপৰ দাম জানিবলৈ আপুনি ৮৯৫৫৬৬৪৪৩৩ নম্বৰত এটা মিছড্ কল দিব পাৰে । তাৰ পাছতেই আপোনাৰ ফোনত দামবোৰ মেছেজ হিচাপে আহি যাব । কিনাৰ সময়ত ক্রেতাই দামৰ স’তে GST-ও দিব লাগিব ।

Exit mobile version