Rahul Gandhi Night Club Party Video Viral: নাইটক্লাৱত ৰাহুল গান্ধীৰ ভিডিঅ’ ভাইৰেল ! ‘পার্টি টাইম’ ৰাজনীতিবিদ বুলি কটাক্ষ বিজেপিৰ !

rahulgandhiparty 16515639363x2 1

কংগ্রেছ শাসিত ৰাজস্থানত সাম্প্রদায়িক সংঘর্ষ হোৱাৰ সময়ত, ৰাজ্যৰ লগত নাথাকি বিদেশী নাইটক্লাৱত পার্টি কৰিছে ৰাহুল গান্ধীয়ে ! এই অভিযোগ কৰিছে বিজেপি নেতাসকলে । টুইটাৰত বিজেপিৰ কিছু নেতাই শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বিদেশৰ কোনো এটা নাইটক্লাৱত গানৰ সুৰত মগ্ন । এই ভিডিঅ’ক লৈ কংগ্রেছ নেতৃত্বৰ চৰম নিন্দা কৰিছে বিজেপিৰ নেতাসকলে ।

বিজেপিৰ আইটি আহ্বায়ক অমিত মালব্য‌ই টুইটাৰত কয়, “যেতিয়া মুম্বাই অবৰুদ্ধ আছিল তেতিয়া ৰাহুল গান্ধী এটা নাইটক্লাৱত আছিল । তেওঁ এনে এটা সময়ত নাইটক্লাৱত আছে যেতিয়া তেওঁৰেই দল সমস্যাত আছে ।” কেন্দ্রীয় আইনমন্ত্রী কিৰেন ৰিজিজুৱে টুইট কৰিছে, “অৱকাশ, পার্টি, হলিডে, প্লিজাৰ ট্রিপ, ব্যক্তিগত বিদেশ ভ্ৰমণ ইত্যাদি এতিয়া দেশৰ বাবে নতুন বিষয় নহয় ।”

বিজেপিৰ প্রাক্তন দিল্লী শাখাৰ প্রধান আৰু উত্তৰ-পূৱ দিল্লীৰ সাংসদ মনোজ তিৱাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগতে গান্ধী পৰিয়ালৰ বংশৰ আচৰক লৈও প্রশ্ন তুলিছে । বিজেপিৰ মুখপাত্র শ্বেহজাদ পুনাৱালায়ো ৰাজস্থানত উত্তেজনা চলাকালীন ৰাহুলৰ নেতৃত্বক লৈ প্রশ্ন তুলি টুইট কৰে, “ৰাজস্থান জ্বলিছে কিন্তু ৰাহুল গান্ধীয়ে তেওঁৰ নিজৰ দলতকৈ পার্টি কৰা অধিক পছন্দ কৰে । তেওঁ ভাৰতৰ বিভিন্ন সংকট সম্পর্কে টুইট কৰে কিন্তু ‘ভাৰতৰ মানুহ’তকৈ বাৰ অধিক পছন্দ কৰে । ৰাহুল পার্ট-টাইম ৰাজনীতিবিদো নহয়, ‘পার্টি টাইম’ ৰাজনীতিবিদ ।”

বিজেপি নেতা আৰু মুখপাত্র তাজিন্দৰ পাল সিং বগ্গাই টুইট কৰে, “কংগ্রেছ শেষ কৰাৰ পাছত পার্টিৰ মেজাজত ৰাহুল ভইয়া ।” বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাৰ ঘনিষ্ঠ সহযোগী আদিত্য ত্রিবেদীয়েও এই “পার্টিৰ” ভিডিঅ’টো শ্বেয়াৰ কৰিছে ।

নেপালৰ প্রথম শাৰিৰ দৈনিক কাঠমাণ্ডু প’ষ্টে ৰাহুল গান্ধীৰ ভ্ৰমণ সূচী আৰু তেওঁৰ দেশ ভ্ৰমণৰ কাৰণ সন্দৰ্ভত এটা প্রতিবেদন প্রকাশ কৰিলেও তাত এই ভিডিঅ’টোৰ কোনো প্রসংগ পোৱা নাযায় । ৰাহুল গান্ধীয়ে সন্ধিয়া চাৰি বাজি ৪০ মিনিটত ভিস্তাৰা এয়াৰলাইন্সৰ এটা ফ্লাইটত কাঠমাণ্ডুত অবতৰণ কৰে । কাঠমাণ্ডু বিমানবন্দৰত তেওঁৰ স’তে আৰু তিনিজন আছিল বুলি নিশ্চিত কৰিছে দুটা নিৰাপত্তা সূত্র‌ই ।

ৰাহুল গান্ধী আৰু তেওঁৰ বন্ধুসকলে নকশালৰ কাঠমাণ্ডু মেৰিয়ট হোটেলত উঠিছে বুলি এই প্রতিবেদনত জানিব পৰা গৈছে । “ৰাহুল গান্ধীয়ে তেওঁৰ নেপালী বন্ধু সুমনিমা উদাসৰ বিয়াত যোগ দিবলৈ কাঠমাণ্ডুত আছে”, জনাইছে কাঠমাণ্ডু প’ষ্টে ।

উত্তৰ প্রদেশ বিজেপিৰ ছ’চিয়েল মিডিয়াৰ সহ-আহ্বায়ক শশী কুমাৰেও ভিডিঅ’টো শ্বেয়াৰ কৰিছে আৰু অভিযোগ কৰিছে যে কংগ্রেছ নেতা ৰাহুল নেপালত চীনৰ ৰাষ্ট্রদূতৰ স’তে আছিল । বিজেপি নেতা কপিল মিশ্র‌য়ো টুইটাৰত ভিডিঅ’টোত থকা মহিলাগৰাকীৰ পৰিচয় জানিব বিচাৰিছে ।

Exit mobile version