ইউক্ৰেইনত জীৱনৰ চালিকাশক্তিত পৰিণত হৈছে নিভাঁজ প্ৰেম

1651566440 irina

ৰাছিয়াৰ আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে ইউক্রেইনৰ বহু চহৰ। প্রিয়জন, ঘৰ-বাৰী হেৰুৱাই নিথৰুৱা হৈ পৰিছে অগণন জনতা। চৌদিশে কেৱল আর্তনাদ, হাহাকাৰ, ৰক্তক্ষৰণ, মৃতদেহৰ শাৰী। ইয়াৰ উপৰি আছে প্রতিমুহূর্ততে সৃষ্টি হােৱা মৃত্যুৰ আশংকা।

এনে জটিল পৰিস্থিতিত এতিয়া নিভাঁজ প্রেমেই পৰিণত হৈছে ইউক্রেইনবাসীৰ জীৱনৰ চালিকাশক্তিত। বিগত দুটা মাহত যুদ্ধৰ ভয়াৱহ পৰিস্থিতিতে পােহৰলৈ আহিছে ইউক্রেইন বাসিন্দাৰ বহু প্রেমকাহিনী। সম্প্রতি পােহৰলৈ অহা দুটাকৈ প্রেম কাহিনীয়েই প্রেমাস্পদৰ লগতে ইউক্রেইনৰ সকলাে নাগৰিককে যােগান ধৰিছে জটিল সন্ধিক্ষণতাে জীৱনযুদ্ধৰ প্রেৰণা।

২০ বছৰৰ পূর্বে বুচা চহৰৰ এখন হাস্পতালত সাক্ষাৎ হৈছিল ইৰিনা আব্রাম’ভা আৰু অলেহৰ। উক্ত হাস্পতালতে কাম কৰা ইৰিনাই প্রথম সাক্ষাততে অলেহৰ প্রতি মুগ্ধ হৈছিল। কোনাে কামত হাস্পতালখনত উপস্থিত হােৱা যুৱকজনৰ ওচৰলৈ নিজেই আগবাঢ়ি লৈ তেওঁ চিনাকি হৈছিল।

তাৰ পাছত সঘন যােগাযােগ, তাৰ পাছত ঘনিষ্ঠতা আৰু প্রেম। পৰৱৰ্তী সময়ত বিবাহপাশত আবদ্ধ হৈ দুয়াে বুচাতে নিগাজিকৈ থাকিবলৈ লয়। ইৰিনাই অ’লেহক মাতিছিল ‘ছানচাইন’ (ৰৌদ্রোজ্জ্বল) বুলি। সেইদৰে অলেহে পত্নীক মৰমতে মাতিছিল ‘কিটি’ বুলি।

অথচ মাত্র এটা গুলিতে তেওঁলােকৰ ২০ বছৰীয়া প্ৰেমৰ অন্ত পৰে। সেই দিনটোৰ কথা মনত পৰিলে আজিও বুকু কঁপি উঠে ইৰিনাৰ। পাঁচ মাৰ্চৰ পুৱা ৰুছ সেনাই তেওঁলােকৰ ঘৰৰ খিৰিকীৰে এটা গ্রেণেড মাৰি পঠিয়ায়। গ্রেণেড বিস্ফোৰণ ঘটি তেওঁলােকৰ ঘৰত জুই লাগে।

ৰুছ সেনাই অ’লেহৰ মূৰত বন্দুক লগাই ঘৰৰ বাহিৰলৈ নিয়ে। স্বামীক ৰক্ষা কৰিবলৈ ইৰিনায়াে দৌৰি গৈছিল যদিও নােৱাৰিলে। বাহিৰলৈ গৈ তেওঁ দেখিলে তললৈ মূৰ কৰি অলেহ মাটিত পৰি আছে। কাণৰ পৰা ওলাই আছে তেজ। নির্বাক হৈ পৰিছিল তেওঁ।

পৰৱৰ্তী সময়ত ইৰিনাক বােমা নিৰােধক আশ্রয়স্থলীলৈ লৈ যােৱা হয়। তথাপি তেওঁ আহি উপস্থিত হয় ধ্বংসস্তুপত পৰিণত হােৱা নিজৰ বাসগৃহত। দীর্ঘক্ষণ ধৰি নির্লিপ্তভাৱে নিজৰ ঘৰখনলৈ চাই থাকে। ধ্বংসস্তুপৰ মাজত ইৰিনাৰ সজল চকুৱে যেন ৰ’দৰ পােহৰৰ উপস্থিতিৰ সন্ধান কৰে।

অ’লেহৰ স’তে কটোৱা নিৱিড় সময়বােৰ স্মৃতিচাৰণ কৰে তেওঁ। সেই স্মৃতিয়ে ইৰিনাৰ মনত তৰংগৰ সৃষ্টি কৰে। ইৰিনাই জনাইছে যে এজন ৰুছ কমাণ্ডাৰে তেওঁৰ বুকু লক্ষ্য কৰিও বন্দুক টানিছিল। গুলি কৰক, গুলি কৰক’, এইবুলি চিৎকাৰ কৰিছিল ইৰিনাই।

তিনিবাৰকৈ গুলি কৰিবলৈ উদ্যত হােৱা সত্ত্বেও ৰুছ সেনাই তেওঁক এৰি গুচি যায়। সেই দিনা ৰুছ কমাণ্ডাৰজনে কিয় ট্রিগাৰ নিটিপিলে বুলি ইৰিনাৰ আজিও অনুশােচনা হয়। সেই ঘটনাৰ পাছত একাধিকবাৰ আত্মহত্যাৰ কথাও ভাবিছিল যদিও পাছত সেই চিন্তা ত্যাগ কৰে।

ইৰিনাৰ মতে, আত্মহত্যা পাপ। পাপকৰিলে তেওঁ স্বৰ্গলৈ যাব নােৱাৰিব। তেতিয়া স্বর্গত স্বামীৰ স’তে তেওঁৰ সাক্ষাৎ নহ’ব। এতিয়া স্বৰ্গতে প্রিয়জনৰ স’তে সাক্ষাতৰ আশাত দিন অতিবাহিত কৰিছে ইৰিনাই। ইপিনে, ওছকানা আৰু ভিক্টৰৰ প্রেম কাহিনীয়েও সম্প্রতি ইউক্রেইনৰ জনতাক আশাৰ বাণী শুনাইছে।

প্রেমিকৰ স’তে খােজকাঢ়ি গৈ আছিল ওকছানা। তেতিয়াই ৰুচ্ছ সেনাই পুতি থােৱা মাইনত ভৰি পৰাত বিস্ফোৰণ ঘটি তেওঁৰ দুয়ােখন ভৰি ছিন্ন ভিন্ন হয়। বাঁও হাতখনাে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। ওকছানাৰ মৃত্যু হ’ব বুলিয়ে চিকিৎসকে আশংকা কৰিছিল।

যদিও মৃত্যুক অংগুষ্ঠ প্রদর্শন কৰি সেই তৰুণীয়ে এতিয়া আৰম্ভ কৰিছে নতুন জীৱন। দুই ভৰি হেৰুৱাই চিৰ জীৱনৰ বাবে পংগুত্বক সাৱটি লােৱা ওকছানাক কিন্তু জীৱনৰ জটিল সময়তাে এৰি নিদিলে তেওঁক নিজৰ প্ৰাণতকৈও ভালপােৱা প্রেমিক ভিক্টৰে।

সম্প্রতি হাস্পতালতে নতুন জীৱনৰ সূচনা কৰিলে ওকছানাই। উল্লেখ্য যে বিস্ফোৰণত ওকছানাৰ দুয়ােখন ভৰিয়েই ছিঙি পৰে। বাঁও হাতৰ চাৰিটা আঙুলিও ছিঙি পৰে। সৌভাগ্যক্রমে সেই ঘটনাত কোনাে আঘাত নােপােৱাকৈ ৰক্ষা পৰে ভিক্টৰে। সেই প্রেমিকেই ওকছানাক এনে অৱস্থাত এৰি যাবলৈ সন্মত নহ’ল, বঞ্চ হাস্পতালতে বিবাহ কৰালে ২৩ বছৰীয়া প্রেমিকাক।

কইনাৰ সাজেৰে সজোৱা হৈছিল ওকছানাক। লিভৰ এখন হাস্পতালৰ কৰ্মীসকলক সাক্ষী ৰাখিয়ে বিবাহ সম্পন্ন কৰিলে ভিক্টৰ-ওকছানাই। তেওঁলােকে নাচিলেও। ওকছানাক কোলাত তুলি নাচিছিল ভিক্টৰে। আনন্দত উটি-ভাহি গৈছিল হাস্পতালৰ কোঠাটোত উপস্থিত থকা তেওঁলােকৰ আত্মীয় আৰু হাস্পতালৰ কৰ্মীসকল।

ভিক্টৰৰ কোলাত উঠি পৰম আনন্দ-আৱেগত ক্রন্দনত ভাঙি পৰিছিল ওকছানা। উল্লেখ্য যে লুহানস্তৰ সৰু চহৰ লাইচিচেনস্কৰ নিবাসী ওকছানা। চহৰখন সম্পূৰ্ণৰূপে ৰুছ সেনাই অধিকাৰ কৰিছিল। যােৱা ২৭ মার্চত প্রেমিক ভিক্টৰৰ স’তে ঘৰৰ ওভতাৰ পথত মাইন বিস্ফোৰণত তেওঁ গুৰুতৰভাৱে আহত হয়।

জটিল অস্ত্রোপচাৰৰ পাছত বিস্ফোৰণত ছিন্ন-ভিন্ন হােৱা ভৰি দুখন কাটি পেলাবলগীয়া হয়। সম্প্রতি অধিক উন্নত চিকিৎসাৰ বাবে ওকছানাই জার্মানীলৈ যােৱাৰ প্রস্তুতি চলাইছে বুলি পৰিয়ালৰ সূত্রই জনাইছে।

Exit mobile version