Russia-Ukraine Conflict: ন মে’ত ইউক্ৰেইনৰ বিৰুদ্ধে ‘যুদ্ধ ঘোষণা’কৰিব পাৰে ৰাছিয়াই ? আশংকা পশ্চিমীয়া দেশৰ

1651638076 russia army

ইউক্ৰেইনত সামৰিক অভিযান চলাইছে। যুদ্ধ নহয়।বাৰে বাৰে এই দাবী কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । কিন্তু তেওঁ যে যি কোনো মুহূৰ্ততে যুদ্ধ ঘোষণা কৰিব পাৰে সেই বিষয়ে নিশ্চিত পশ্চিমীয়া দেশে ।

তেওঁলোকে আশংকা কৰে যে পুটিনে ইউক্ৰেইনত আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰিবলৈ ৯ মে’ক বাছনি কৰিব পাৰে। ইতিমধ্যে ইউক্ৰেইনত সামৰিক অভিযানৰ ৭০ দিন পাৰ হৈ গৈছে। পশ্চিমীয়া দেশে বিশ্বাস কৰে যে যদি পুটিনে ন মে’ত যুদ্ধ ঘোষণা কৰে, তেন্তে তেওঁৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিবলৈ আৰু কোনো বাধা নাথাকিব।

যদি পুটিনে যুদ্ধ ঘোষণা কৰে, তেন্তে তেওঁ কিয় ন মে’ক বাছনি কৰিব?সামৰিক বিশেষজ্ঞসকলে কয় যে ন মে ৰাছিয়াৰ বাবে এক ঐতিহাসিক দিন। ৰাছিয়াই এই দিনটো “বিজয় দিৱস” হিচাপে উদযাপন কৰে। আৰু এই দিনটোত, তেওঁলোকে সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰে।

১৯৪৫ চনৰ ন মে তাৰিখে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ নাজী বাহিনী ছোভিয়েট ইউনিয়ন বাহিনীৰ দ্বাৰা পৰাজিত হয়। তেতিয়াৰ পৰা, মস্কোৱে এই দিনটোক “বিজয় দিৱস” হিচাপে পালন কৰি আহিছে।

পুটিনে সেইদিনা কিয় যুদ্ধ ঘোষণা কৰিব পাৰে? তাৰ আন এটা কাৰণ আছে। ৰাছিয়া-ইউৰেছিয়া কাৰ্যসূচীৰ সঞ্চালক জেমছ নিক্সিয়ে জনায় যে এইটো কেৱল দেশখনৰ জনসাধাৰণৰ প্ৰতি পুটিনৰ ভাবমূৰ্তি যাতে কোনো ধৰণে ম্লান নহয় সেয়া নিশ্চিত কৰাৰ এক প্ৰয়াস। সেইকাৰণে পুটিনে যুদ্ধ ঘোষণা কৰিবলৈ ন মে’ক বাছনি কৰিব বিচাৰে।

অৱশ্যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ভালদৰে জানে যে তেওঁ হঠাতে যুদ্ধ ঘোষণা কৰিলেও, সমস্যা হ’ব পাৰে। দেশখনৰ এটা অংশই বিচাৰে যে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হ’ব।

কিন্তু এটা ডাঙৰ অংশ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভূমিকাত ক্ষুব্ধ । ফলস্বৰূপে, কূটনৈতিক বিশেষজ্ঞসকলে বিশ্বাস কৰে যে তেওঁ অতি সাৱধান পদক্ষেপ ল’ব বিচাৰে যাতে দেশৰ ভিতৰত নতুন সমস্যা ৰৈ নাযায়।

Exit mobile version