চামগুৰিত মলুৱা বান্দৰৰ উপদ্ৰৱত ছন পৰিছে শ শ বিঘা কৃষি ভূমি

মহিলা দেখিলেই মুখ বিকটাই খেদি আহে

monkey 1

নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চলত বান্দৰৰ উপদ্ৰৱত লোকসকলে ত্ৰাহি মধুসূদন দেখিবলগীয়া হৈছে । জাক জাক মলুৱা বান্দৰৰ অত্যাচাৰত বৃহত্তৰ চামগুৰি অঞ্চলৰ লোকসকলে খেতি কৰিবলৈ ইতিমধ্যে বাদ দিছে ।

উল্লেখ্য যে চামগুৰিৰ মাজমজিয়া ব্যৱসায়িক স্থান হ’লেও ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ গৰিষ্ঠসংখ্যক লোক কৃষি কাৰ্যৰ লগত জড়িত ।উক্ত অঞ্চলৰ কৃষকে বিভিন্ন সমস্যাৰ লগতে লোকসকলে বিগত কে’বা দশক ধৰি বান্দৰৰ উপদ্ৰৱ ভুগি আহিছে । বৃহত্তৰ চামগুৰিৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতৰ সমান্তৰালকৈ সম্প্ৰতি বান্দৰ আৰু মানুহৰ সংঘাত ভয়াৱহতাৰভাৱে বৃদ্ধি পাইছে ।

বান্দৰৰ উপদ্ৰৱত অঞ্চলটোত ১২ মাহে খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে । কপিকুলৰ উপদ্ৰৱত কৃষকে খেতি কৰিব নোৱাৰাৰ ফলত কৃষকৰ কেৱল অৰ্থনৈতিক লোকচান হোৱাই নহয় বান্দৰে আওপকীয়াকৈ জনস্বাস্থ্যৰ প্ৰতি ভাবুকিও কঢ়িয়াই আহিছে । কিয়নো চামগুৰি অঞ্চলৰ ৰাইজে নিজৰ ঘৰৰ বাৰীতে ঢাপ মাৰি খেতি কৰি ৰাসায়নিক সাৰ নিদিয়াকৈ জৈৱিক শাক-পাচলি উৎপাদন কৰি খাইছিল কিন্তু বিগত কে’বা দশক ধৰি চামগুৰিৰ বিভিন্ন প্ৰান্তৰ লোকে বান্দৰৰ উপদ্ৰৱত কৃষি উপযোগী খেতি মাটিত বছৰ জুৰি খেতি কৰিব নোৱাৰাত শ শ বিঘা পথাৰৰ মাটি ছন পৰি ৰৈছে । ঘৰুৱা বাৰীৰ লগতে পথাৰত শাক-পাচলি, ধান, মাহ কৰিব নোৱাৰাত বজাৰত উপলব্ধ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা শ্ল’ প‌ইজন সদৃশ শাক পাচলি বজাৰৰ পৰা চৰা দামত গাঁঠিৰ ধন ভাঙি কিনি খোৱাত থলুৱা লোকৰ পকেট উদং হোৱাৰ লগতে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে চামগুৰিতো বান্দৰৰ উপদ্ৰৱত ঘৰৰ দুৱাৰ-খিৰিকী মাৰি দিনতে বৈদ্যুতিক বাল্ব জ্বলাই থাকিবলগা অৱস্থা হৈছে । পাকঘৰত ৰান্ধনীয়ে ৰুটিৰ বাবা আটা মাৰি বেলনা আনিবলৈ যাওঁতেই চোপ লৈ থকা বান্দৰে আটাৰ লাডু লৈ উধাও হোৱা ঘটনা দৈনিক সংঘটিত হৈ আছে । ভাতৰ ঢাকোন ডাঙি খাই আকৌ ঢাকি থৈ যোৱা, মহিলালৈ চোঁচা মাৰি খেদি আহি মুখ বিকটাই ভয় খুওৱা, বিদ্যুৎ পৰিবাহী তাঁৰত ওলমি ছিঙি দিয়া, ঘৰৰ টিনত জঁপিয়াই ফালি দিয়া, কলগছ, অমিতা গছৰ ঠোৰটো ছিঙি খাই গছ মাৰি পেলোৱা, গেঁৰ লোৱা ধান গছ ফালি খেতি ধ্বংস কৰি বিগত কে’বা দশক ধৰি মলুৱা বান্দৰে উপদ্ৰৱ চলাই থকা সত্ত্বেও বন বিভাগ কিম্বা চৰকাৰে উপদ্ৰৱ ৰোধৰ ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে ।

তদুপৰি গৰমৰ দিনত গছৰ ওপৰৰ পৰা পুখুৰীৰ পানীত জঁপিয়াই জলকেলি কৰি কৰি পানী ঘোলা হোৱাত পুখুৰীৰ মাছ মৰি যোৱা ঘটনাও ঘটিছে । চৰ্চা অনুযায়ী হাতীৰ উপদ্ৰৱতকৈও বান্দৰৰ উপদ্ৰৱত বেছি ক্ষতিগ্ৰস্ত হৈছে ৰাইজ । কিয়নো বান্দৰে গোটেই বছৰ জুৰি উপদ্ৰৱ চলাই কিন্তু হাতীয়ে নিৰ্দিষ্ট সময়ত আৰু নিৰ্দিষ্ট অঞ্চলতহে উপদ্ৰৱ চলায় । হাতীক খেদিব পাৰি; কিন্তু বান্দৰক খেদিলে নাৰিকল গছৰ পাতৰ মাজত লুকাই যায় । শ শ বান্দৰ থকা জাকটো খেদি বন বিভাগে জালত আৱদ্ধ কৰি কাজিৰঙালৈ স্থানান্তৰিত কৰিবলৈ বৃহত্তৰ চামগুৰি অঞ্চলৰ ৰাইজে দাবী জনাইছে ।

Exit mobile version