টুইটাৰ ব্যৱহাৰৰ বিনিময়ত আদায় দিব লাগিব মাচুল, ইংগিত মাস্কৰ

elon musk twitter 2022

অচিৰে চৰকাৰ, চৰকাৰ অধিকৃত সংস্থা আৰু বাণিজ্যিক সংস্থাই টুইটাৰ হেণ্ডেল ব্যৱহাৰকাৰীৰ পৰা মাচুল গ্ৰহণ কৰিব পাৰে মাইক্র’ ব্লগিং প্রতিষ্ঠান টুইটাৰে। অৱশ্যে মাচুলৰ পৰিমাণ সামান্য হ’ব।

সাধাৰণ টুইটাৰ ব্যৱহাৰকাৰীয়ে অৱশ্যে কোনাে মাচুল আদায় দিব নালাগিব। পূৰ্বৰ দৰেই এইসকল লােকে বিনামূল্যে টুইটাৰ ব্যৱহাৰ কৰিব পাৰিব।

কালি এক টুইটত এই কথা প্রকাশ কৰিলে টুইটাৰৰ নতুন স্বত্বাধিকাৰী তথা বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে। এক টুইটত মাস্কে কয়, “সাধাৰণ মানুহৰ বাবে টুইটাৰে সদায়ে বিনামূল্যে সেৱা আগবঢ়াব।

অৱশ্যে চৰকাৰ, চৰকাৰ অধিকৃত সংস্থা আৰু বাণিজ্যিক সংস্থাৰ ব্যৱহাৰকাৰীয়ে টুইটাৰ ব্যৱহাৰ কৰিবলৈ সামান্য ব্যয় বহন কৰিব লাগিব পাৰে।”

Exit mobile version