ধেমাজি নলবাৰী-বৈজন্তীপুৰ ৰাইজৰ দুৰ্ভোগ

ৰাইজে নিজেই নিৰ্মাণ কৰিছে দলং

5cacfddd b215 4e91 b5ed 36ee062359b4

ধেমাজি নলবাৰী-বৈজন্তীপুৰত ৰাইজে নিজে নিৰ্মাণ কৰি এখন বাঁহৰ দলং সাজি যাতায়ত ব্যৱস্থা কৰি আহিছে ।ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়ৰামপুৰ বৈজন্তীপুৰ আৰু নলবাৰী ২ নং নাৰায়ণপুৰ গাঁৱৰ মাজত থকা গেৰমে নদীৰ ওপৰত আজি যুগ যুগ ধৰি বাঁহৰ দলঙৰে অহা যোৱা কৰে ৰাইজে।

চৰকাৰ আহিছে আৰু গৈছে কিন্তু ৰাইজৰ বহুতো আবেদন-নিবেদনৰ পাছত আজিলৈকে পকী দলং নহ’ল উক্ত ঠাইত। বাৰিষাৰ সময়ত খৰস্ৰোতা নদীখনে বছৰে বাঁহৰ দলং উটুৱাই দুৰ্ভোগ ভূগাই আহিছে । ৰোগীকো এইখন দলঙেৰে বোকাচাত বান্ধি নিয়া হয়।

দলংখনেৰে যাতায়ত কৰিবলৈ ৰাইজে পুৰ্বৰ দৰে এইবাৰো গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে বাঁহৰ দলংখন। এইক্ষেত্ৰত জাতি-ভেটি-মাটিৰ কথা কৈ শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাইজে।

Exit mobile version