পশ্চিমবংগৰ জলপাইগুৰিত নামঘৰ স্থাপনৰ পদক্ষেপ

মধুপুৰ সত্ৰ সমিতিৰ জৰুৰী সভা

b14f4fda a97e 4f2d 821e 59c3f45453ca

অসমীয়া জাতিৰ প্ৰাণ কোচবিহাৰৰ মধুপুৰ সত্ৰত অতি সম্প্ৰতি সত্ৰীয়া পৰম্পৰা বিৰোধী শক্তিৰ তৎপৰতাত মহাপুৰুষীয়া পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতি বিলোপ হ’বলৈ আৰম্ভ কৰা ষড়যন্ত্ৰক প্ৰতিহত কৰাৰ বাবে বিশদ আঁচনি আৰু কৌশল গ্ৰহণ কৰা উদ্দেশ্যে আজি গুৱাহাটী পানবজাৰত থকা বৰপেটা শাখা সত্ৰত মধুপুৰ সত্ৰ সমিতিৰ এখন জৰুৰী কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰ সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি শ্ৰী জীতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰাক্তন সাংসদ তথা সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে সত্ৰখনত বৰ্তমানে বিৰাজ কৰা অশুভ পৰিস্থিতিৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।

১৯৬০ চনতে জন্মলাভ কৰা মধুপুৰ সত্ৰ সমিতিক বৰ্তমানৰ সত্ৰাধিকাৰকে ধৰি এটা দুষ্টচক্ৰই নস্যাদ কৰাৰ মানসিকতাক তীব্ৰ গৰিহণা দিয়ে। দাসে ভাষণ প্ৰসংগত যোৱা ১২ এপ্ৰিলত মধুপুৰ সত্ৰত অসমৰ বিভিন্ন সত্ৰাধিকাৰকে ধৰি উত্তৰ বংগৰ ১২ খন সত্ৰৰ ভকত-বৈষ্ণৱৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ সিদ্ধান্তসমূহ কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ সত্ৰাধিকাৰগৰাকীয়ে অনিচ্ছা প্ৰকাশ কৰা কাৰ্য্য অতি নিন্দনীয় বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে যোৱা ১২ এপ্ৰিলৰ সভাৰ সিদ্ধান্তসমূহত বৰ্তমানৰ সত্ৰাধিকাৰগৰাকীয়ে লিখিতভাৱে সন্মতি জনাইছিল। অতি পৰিতাপৰ কথা যে মহাপুৰুষীয়া ধৰ্ম ৰক্ষাৰ অগ্ৰণী সৈনিক হিচাপে পৰিচিত সত্ৰাধিকাৰ এগৰাকী সত্ৰীয়া পৰম্পৰা বিৰোধী শক্তিৰ আগ্ৰাসনত পৰা কাৰ্য্য অসমীয়া জাতিৰ ভৱিষ্যতৰ বাবে এক চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে।

সভাত সভাপতি জীতেন্দ্র নাথ প্ৰধানী, উপ-সভাপতি বনমালি পাঠক, সম্পাদক হৰিদেৱ দাস আৰু পুলিন পাঠক, জগন্নাথ দাসকে ধৰি কেইবাগৰাকীও বক্তাই সত্ৰাধিকাৰগৰাকীৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা এনে কাৰ্য্যৰ তীব্ৰ গৰিহণা দিয়ে। তেওঁলোকে সত্ৰখনৰ মূল গৃহৰ পৰা নাগাৰী মুদ্ৰাকে ধৰি কেবাবিধো আপুৰুগীয়া সম্পদ বিলুপ্ত হোৱা কাৰ্য্যত উদ্বেগ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে যোৱা ১২ এপ্ৰিলৰ সভাই ঐতিহাসিক আতাৰ ভিথিত ব্যৱসায়ীক প্ৰকল্পৰ বিৰোধিতা, স্বাস্থ্যজনিত কাৰণত বৰ্তমানৰ সত্ৰাধিকাৰগৰাকীক সাময়িকভাৱে সত্ৰাধিকাৰৰ কাম-কাজৰ পৰা অব্যাহতি দিয়াকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

সভাই সমগ্ৰ পৰিস্থিতিৰ ওপৰত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ জৰিয়তে অসম চৰকাৰৰ লগত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ইতিমধ্যে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱা পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ পূৰ্ব-শালবাৰী গুৰু শংকৰ-মাধৱ সত্ৰ নামেৰে এখন সত্ৰ অহা ১৩ মে’ত আনুষ্ঠানিকভাৱে মুকলি কৰা সিদ্ধান্ত গ্ৰহণ কৰে।

সভাই লগতে অহা ২৫ জুন তাৰিখে মধুপুৰ সত্ৰ সমিতিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰাৰ বাবে মধুপুৰ সত্ৰত ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Exit mobile version