সাংবাদিকৰ বাবে বিশ্বৰ পঞ্চম বিপজ্জনক দেশ পাকিস্তান

706510 Journo 1399679156

বিশ্বৰ ভিতৰতে সাংবাদিকৰ বাবে পঞ্চমখন বিপজ্জনক দেশ হিচাপে স্বীকৃত হ’ল পাকিস্তান। সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত হােৱা আক্ৰমণত শাস্তি লাভ নকৰা ১০ খন দেশৰ তালিকাত শীর্ষস্থানত আছে পাকিস্তান।

পাকিস্তানৰ সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বাক্ স্বাধীনতাক লৈ প্ৰায়ে প্রশ্ন উত্থাপিত হৈ আহিছে। যিকোনাে বিষয়ত পাকিস্তানৰ বাসিন্দাই মুক্তভাৱে মত প্ৰকাশ কৰিব নােৱাৰে বুলিও সমালােচিত হৈ আহিছে ইছলামাবাদ।

ইণ্টাৰনেচনেল ফেডাৰেচন অৱ জাৰ্ণেলিষ্ট (আই এফ জে)ৰ মতে, সাংবাদিকৰ বাবে বিপজ্জনক দেশ হিচাপে সম্প্রতি তালিকাত পঞ্চম স্থানত আছে পাকিস্তান। বিগত চাৰি দশকত পাকিস্তানত চৰকাৰ ছত্রছায়াতে হত্যা কৰা হ’ল ১৩৮ জন সাংবাদিকক।

পাকিস্তান ফেডাৰেল ইউনিয়ন অৱ জাৰ্ণেলিষ্টৰ দাবী অনুসৰি ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক ই ইনচাফ দলৰ শাসনতে দেশখনৰ সাংবাদিকৰ অৱস্থা সবাতােকৈ শােচনীয় হৈছিল।

এই সময়ছােৱাত সাংবাদিকৰ ওপৰত নানা নির্যাতন চলােৱাৰ লগতে ভাবুকি দিয়া হৈছিল। শেহতীয়াকৈ বিশ্ব সংবাদ মাধ্যম স্বাধীনতা দিৱস উপলক্ষে পাকিস্তান ফেডাৰেল ইউনিয়ন অৱ জাৰ্ণেলিষ্টে পাকিস্তানৰ প্ৰধানমন্ত্রী শ্বাহবাজ শ্বৰীফক সাক্ষাৎ কৰি দেশখনৰ সাংবাদিকৰ অধিকাৰ ৰক্ষাৰ দাবী জনালে।

Exit mobile version