ৰাষ্ট্ৰপতি আহিল,‌ বিধানসভাতে এলাগী হৈ ৰ’ল ভেনিটি ভেন

Untitled design 58 1 164847280916x9 1

অসম বিধানসভাই বহু লাখ টকা ব্যয় কৰি ক্ৰয় কৰা ভেনিটি ভেনখন আৰম্ভণিতে ফুলদানীত পৰিণত হ’ল । যোৱা ২৮ মাৰ্চত বিধানসভা চৌহদত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে পঞ্জাৱৰ পৰা অনা এই বাহনখন উদ্বোধন কৰিছিল । এখন ছয়চকীয়া ট্ৰাকৰ ওপৰত সাজি উলিওৱা ভেনিটি ভেনখন অসম চৰকাৰৰ নতুন সম্পদৰূপে দৈমাৰীয়ে ঘোষণা কৰিছিল ।

তেওঁ লগতে সদৰী কৰিছিল যে এতিয়াৰ পৰা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী অথবা অন্য মন্ত্ৰীৰ য’তেই ৰাজহুৱা সভা থাকিব তালৈকে এই বাহখন যাব । এই ভেনিটি ভানখনৰ বাবে আৰু সভাস্থলীত অস্থায়ীভাৱে জিৰণিঘৰ সজাৰ প্ৰয়োজন নাথাকিব । এই বাহনখনৰ ব্যৱহাৰ তামুলপুৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভা অধিবেশনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতিৰ জৰিয়তে আৰম্ভ কৰা হ’ব বুলিও দৈমাৰীয়ে সদৰী কৰিছিল ।

বুধবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ ক’ৱিন্দ তামুলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনত উপস্থিত থাকে যদিও ভেনিটি ভেনখন অসম বিধানসভাৰ চৌহদতে এলাগী হৈ পৰি ৰয় । ৰাষ্ট্ৰপতিৰ অনুস্থানৰ বাবে বিধানসভাৰ পৰা কে’বাদিনো পূৰ্বে বাহনখন তামুলপুৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও অনুমতি নোপোৱাত ঘূৰাই পঠিওৱা হয় । আৰামী বহা কোঠা, বিছনা, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদিৰ সকলো সুবিধা থকা ট্ৰাকখন ভাৰতীয় সেনাৰ পৰা সংগ্ৰহ কৰি ভেনিটি ভেনৰ ৰূপ দিয়া হৈছে ।

Exit mobile version