পিতৃ মাতৃলৈ বিশেষ ‘অফাৰ’ সন্তান জন্ম দিলে পাব ১১লাখ টকাৰ লগতে এক বছৰৰ চুটি ,কিন্তু কত ?

newborn babies china hospital Getty

চুবুৰীয়া চীনে এতিয়া নতুনকৈ জনসংখ্যা বৃদ্ধি কৰিবলৈ উদ্যোগ লৈছে। কেৱল চৰকাৰী উদ্যোগ নহয়, বিভিন্ন বেচৰকাৰী সংস্থাইও দেশত নৱজাতকৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে। আৰু তাৰ বাবে কৰ্মচাৰীসকলক উৎসাহিত কৰিবলৈ নতুন অফাৰ আৰম্ভ কৰা হৈছে।

ইয়াৰ মাজতে,লোভনীয় অফাৰ লৈ আহিছে চীনা কোম্পানী বেইজিং ডাবিনাং টেকন’লজী গ্ৰুপে ।এটা ,দুটা বা তিনিটা সন্তান হ’লেই কৰ্মীসকলৰ কোম্পানীটোৱে আৰ্থিক পুৰষ্কাৰ ঘোষণা কৰিছে ।

কেৱল নগদ ধনেই নহয়,লগতে পাব ছুটিও । আটাইতকৈ লোভনীয় পুৰস্কাৰটো তৃতীয় সন্তানৰ বাবে। এই ক্ষেত্ৰত, কোম্পানীটোৱে চীনা মুদ্ৰাত ৯০ হেজাৰ ইয়ান দিব। ভাৰতীয় মুদ্ৰাত যি হৈছে প্ৰায় ১১ লাখ ৫০ হেজাৰ টকা।

ইয়াৰ বাহিৰেও, মহিলা কৰ্মচাৰীৰ বাবে এবছৰৰ সবেতন ছুটি আৰু পুৰুষ কৰ্মচাৰীৰ বাবে ন মাহ সবেতন চুটি পাব। চীনা সংবাদ মাধ্যমৰ মতে, প্ৰথম বা দ্বিতীয় সন্তানৰ বাবে নগদ পুৰস্কাৰৰ প্ৰস্তাৱও আছে। কিন্তু টকাৰ পৰিমাণ তাতকৈ কম।

দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ১৯৮০ চনত উদ্যোগ গ্ৰহণ কৰে চীনা চৰকাৰে ।দেশক কেৱল জন্মনিয়ন্ত্ৰণত মানুহক উৎসাহিত দিয়াই নহয়, প্ৰতিটো দম্পতীৰ বাবে কেৱল এটা সন্তানেই নিৰ্ধাৰণ কৰা হয়।

বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনত এতিয়া নতুন সমস্যাৰ সৃষ্টি হৈছে। বৃদ্ধি পাইছে জ্যেষ্ঠ নাগৰিকৰ সংখ্যা । ২০১৬ চনত, চীনা চৰকাৰে এক সন্তান নীতি প্ৰত্যাহাৰ কৰে যদিও কিন্তু সমস্যাটো সমাধান কৰা হোৱা নাই। সেয়েহে বিগত ছয় বছৰধৰি,এজনতকৈ অধিক সন্তানৰ বাবে নাগৰিকসকলক কোৱা হৈছে।

অৱশ্যে, নাগৰিকসকল ইয়াক লৈ খুব উৎসাহী নহয়। তথ্য অনুসৰি, ২০১৯ চনত চীনত নৱজাতকৰ সংখ্যা আছিল ৪৬ লাখ ৫০ হেজাৰ । পৰৱৰ্তী বছৰৰ অনুসৰি, ২০২৯ চনত জন্ম পাইছে এক কোটি ২০ লাখ শিশু ।

এই পৰিস্থিতিত, চৰকাৰী আৰু ব্যক্তিগত পদক্ষেপে নাগৰিকসকলক একাধিক সন্তানৰ পিতৃ-মাতৃ হ’বলৈ উৎসাহিত কৰা আৰম্ভ কৰিছে। আৰু ইয়াৰ অংশ হিচাপে, বিভিন্ন সংগঠনে কৰ্মচাৰীসকলক বিভিন্ন প্ৰস্তাৱ আগবঢ়াইছে।

অৱশ্যে, চীনা সংবাদ মাধ্যমসমূহে দাবী কৰিছিল যে আন কোনেও এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়োৱা নাছিল। চীনত বহুতো দম্পতীয়ে এতিয়া সন্তান জন্ম দিয়া নাই কিয়নো শিশু প্ৰতিপালন ব্যয়বহুল হৈ পৰিছে।

গতিকে সেই কোম্পানীটোৱে প্ৰথম সন্তান জন্ম দিলে, কৰ্মচাৰীসকলক প্ৰদান কৰিছে ভাৰতীয় মুদ্ৰাত প্ৰায় তিনি লাখ টকা । দ্বিতীয় সন্তানৰ ক্ষেত্ৰত, প্ৰায় সাত লাখ টকা।

Exit mobile version