COVID-19 : ক’ভিড আপডেট

c70fc483c1b2445b8c4695ace1da7fb3 18

এতিয়াও তিনি হেজাৰৰ ওপৰতেই আছে দৈনিক সংক্রমিতৰ সংখ্যা । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত আক্রান্ত হৈছে ৩,২৭৫ জন । বুধবাৰে সংক্রমিতৰ সংখ্যা আছিল ৩,২০৫ । যোৱা ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ সামান্য কমি ০.৭৭ শতাংশ হয় ।

বর্তমান সমগ্ৰ দেশতে মুঠ ১৮৯ কোটি ৬৩ লাখ ৩০ হেজাৰ ৩৬২ টিকাকৰণ হৈছে । বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৩,০১০ জন । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫৫ জনৰ ।

ইয়াৰ ভিতৰত কেৰালাত মৃতৰ সংখ্যা ৫২ । হৰিয়ানা, ৰাজস্থান আৰু দিল্লীত মৃত্যু হৈছে এজনৰ । দেশত মুঠ সক্রিয় ৰোগীৰ সংখ্যা ১৯,৭১৯ । এতিয়াও দেশত সংক্রমণৰ শীর্ষত আছে দিল্লী । যোৱা ২৪ ঘণ্টাত ১,৩৫৪ জন আক্রান্ত হৈছে ।

কেন্দ্রৰ তথ্য অনুযায়ী, ২০ ফেব্রুৱাৰীৰ পাছত ১৭ এপ্রিলত পুনৰ ৰাজধানীত দৈনিক ক’ভিড আক্রান্তৰ সংখ্যা বাঢ়ি পাঁচশ অতিক্ৰম কৰিছিল । তাৰ পাছৰ পৰা সেয়া ক্রমাগত ঊর্ধ্বমুখী হোৱা আৰম্ভ কৰে । দিল্লীৰ পাছত সংক্রমণৰ শীর্ষত আছে হৰিয়ানা (৫৭১), কেৰালা (৩৮৬) আৰু উত্তৰ প্রদেশ (১৯৮) ।

Exit mobile version