Kailia Posey : ১৬ বছৰ বয়সতে আত্মহত্যা ইণ্টাৰনেটত পৰিচিত ‘গ্ৰীনিং গাৰ্ল’,

kailia posey

আমেৰিকাৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ তাৰকা কেইলিয়া পোজৰ আত্মহত্যা । সংবাদ সংস্থা সূত্ৰ অনুসৰি, ৱাশ্বিংটনৰ বীচ বে ষ্টেট পাৰ্কৰ পৰা উদ্ধাৰ কৰা হৈছে ১৬ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ ।

ঘটনাস্থলীৰ পৰা কানাডাৰ সীমান্ত কিছু কিলোমিটাৰ দূৰত।কেইলিয়া কেৱল ৰিয়েলিটি শ্ব’ৰ তাৰকাই নহয়। ৰিয়েলিটি শ্ব’ৰ অনুষ্ঠানটো চলি থকাৰ সময়তে ‘গ্ৰীণিং গাৰ্ল’ৰ এটা মিমও ভাইৰেল হৈছিল কেইলিয়াৰ ।

২০১২ চনত তেওঁৰ মিমৰ বাবে জনপ্ৰিয় হৈছিল কেইলিয়া। তেওঁৰ মাতৃয়ে সামাজিক মাধ্যমৰ জৰিয়তে কেইলিয়াৰ আত্মহত্যাৰ খবৰটো প্ৰকাশ কৰে।

তেওঁ লিখে “মোৰ কোনো ভাষা নাই। এজনী ধুনীয়া সৰু ছোৱালীয়ে আমাক এৰি গুচি গৈছে। আমি কেইলিয়াৰ বাবে শোক প্ৰকাশ কৰিছো। অনুগ্ৰহ কৰি আমাৰ গোপনীয়তা সুৰক্ষিত কৰক। ‘

কেইলিয়াৰ মাক মাৰ্চি পোচে সংবাদ সংস্থাক জনায় , “কেইলিয়া সৰুৰে পৰা উচ্চাকাংক্ষী আছিল। তেওঁ বহুতো পুৰস্কাৰ লাভ কৰিছে। তেওঁক সম্প্ৰতি হাইস্কুলৰ চিয়াৰলিডাৰ দলতো নিৰ্বাচিত কৰা হৈছিল। আগলৈ এক উজ্জ্বল ভৱিষ্যত আছিল। দুৰ্ভাগ্যবশতঃ, এক অবিশ্বাস্য মুহূৰ্তত, কেইলিয়াই তেওঁৰ জীৱন শেষ কৰাৰ সিদ্ধান্ত ল’লে। ‘

কেইলিয়াৰ স্মৃতিৰ উদ্দেশ্য , তেওঁৰ পৰিয়ালে এক পুঁজি সংগ্ৰহ কৰি আছে যি আত্মহত্যা কৰা লোকসকলক সঠিক পথত অনাত সহায় কৰিব।

Exit mobile version