Right to Snooze : কামৰ মাজত নিদ্রা ! কর্মচাৰীসকলক সুস্থ ৰাখিবলৈ ৩০ মিনিট টোপনিৰ সুযোগ দিছে বেংগালুৰুৰ সংস্থাই

work productivity 759

ভৰদুপৰীয়া কাৰ্যালয়ত কাম কৰি কৰি টোপনিত চকু জাপ খাই যায় । শৰীৰে ‘ব্রেক’ বিচৰিছে, কিন্তু কাৰ্যালয় কেৱল ‘কাম’ কৰা ঠাই ! বিশ্বৰ প্রতিটো কাৰ্যালয়তেই কর্মচাৰীসকলক প্রশ্ন কৰিলে এনে অভিজ্ঞতাৰ কথা শোনা যাব । এইবাৰ সেই সমস্যাৰ সমাধান উলিয়াবৰ বাবে আগবাঢ়ি আহিল বেংগালুৰুৰ এটা ষ্টার্ট আপ । তাত দুপৰীয়াৰ সেই মহেন্দ্রক্ষণত কর্মচাৰীসকলে আধা ঘণ্টা শোৱাৰ অধিকাৰ স্বীকৃত হ’ল ।

বেংগালুৰুৰ এই সংস্থাই মানুহৰ টোপনিৰ সমস্যাৰ সমাধানত কাম কৰে । এইবাৰ তেওঁলোকে কর্মচাৰীসকলৰ টোপনিত গুৰুত্ব দিছে । দুপৰীয়া ক্লান্ত কর্মচাৰীসকলে অলপ শোই লোৱাৰ ব্যৱস্থা কৰা হৈছে কাৰ্যালয়টোত । সংস্থাই দিয়া বিজ্ঞপ্তিৰ পৰা জানিব পৰা গৈছে, প্রত্যেক কর্মচাৰীয়ে প্রতিদিনে দুপৰীয়া দুই বজাৰ পৰা আঢ়ৈ বজা পর্যন্ত শোৱাৰ অধিকাৰ সুনিশ্চিত কৰা হ’ল । পৰিভাষাত ইয়াৰ নাম দিয়া হৈছে ‘অফিচিয়েল নেপ টাইম’ । সংস্থাটোৱে ভৱিষ্যতে শান্ত, অন্ধকাৰ ঘৰত সুন্দৰ টোপনি মৰাৰ পৰিৱেশ তৈয়াৰটো গুৰুত্ব দিব বুলি দাবী কৰা হৈছে । যাতে এই সময়ছোৱাত কর্মচাৰীসকলে ভালকৈ শোব পৰাকৈ পৰিৱেশটো উপযোগী কৰি তুলিব পাৰি ।

সংস্থাৰ কর্মচাৰীসকললৈ প্ৰেৰণ কৰা ইমেইলটোত, হার্ভার্ড বিশ্ববিদ্যালয় আৰু নাছাৰ গৱেষণাৰ উল্লেখ কৰা হৈছে । য’ত কোৱা হৈছে, কামৰ মাজত সামান্য জিৰাই লোৱা বা শোৱা, কামৰ মানোন্নয়নত সহায়ক ।

এই সিদ্ধান্তত সংস্থাটো নিশাৰ ভিতৰতে আলোচনাৰ কেন্দ্র বিন্দু হৈ পৰিছে । টুইটাৰত কোনোৱে কৈছে, এই পদক্ষেপে কর্প’ৰেট সংস্কৃতিত আমূল পৰিৱৰ্তন আনিব, আকৌ কোনোৱে সংস্থাৰ সাহসিকতাৰ প্রশংসা কৰিছে ।

অৱশ্যে এয়ে প্রথম নহয়, ইয়াৰ আগতৈও এনে অদ্ভুত সিদ্ধান্ত লৈ সকলোকে চমক দিছিল সংস্থাটোৱে । এবাৰ তেওঁলোকে একেৰাহে ১০০ দিন ধৰি প্রতি নিশা ন ঘণ্টা শোবৰ বাবে প্ৰশিক্ষাৰ্থীসকলক এক লাখ টকাকৈ দিছিল । সেই ক্ষেত্রত চর্ত আছিল, এই সংস্থাই তৈয়াৰ কৰা তোচকত শোব লাগিব প্ৰশিক্ষাৰ্থীসকলে ।

টোপনি বিশ্লেষণৰ বিভিন্ন আধুনিক প্রযুক্তিৰ সহায়ত পৰ্যবেক্ষণ কৰা হৈছিল । ১০০ দিন সমাপ্ত হোৱাত, প্রত্যেক প্ৰশিক্ষাৰ্থীক নগদ এক লাখ টকা দিয়া হয় । সেই সময়ত এই ঘটনাত হুলস্থূল লাগি গৈছিল । এইবাৰ আৰু অধিক হৈ চৈ কাৰ্যালয়ত কামৰ মাজত আধা ঘণ্টাৰ টোপনি স্বীকৃত হ’ল ।

Exit mobile version