Sedition Law : ৰাষ্ট্রদ্রোহ আইন বাতিল নহয়, কিন্তু প্রয়োগত নিয়ন্ত্রণৰ প্রয়োজন, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্র‌ই

Fraud

ৰাষ্ট্রদ্রোহ আইন বাতিলত সন্মতি নাই নৰেন্দ্র মোদী চৰকাৰৰ । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত এটর্নি জেনেৰেল কে কে বেণুগোপালে জনাইছে, ৰাষ্ট্রদ্রোহ আইনৰ অন্তর্গত ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰা প্রয়োগৰ ক্ষেত্রত সুনির্দিষ্ট নির্দেশনাৰ প্রয়োজন । আগন্তুক ১০ মে’ত প্রধান ন্যায়াধীশ এন ভি ৰমণাৰ নেতৃত্বাধীন তিনি ন্যায়াধীশৰ বেঞ্চত পুনৰ গোচৰৰ শুনানি হ’ব ।

ৰাষ্ট্রদ্রোহ আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই শীৰ্ষ ন্যায়ালয়ত দাখিল কৰা গোচৰৰ শুনানি পৰ্যায়ত বেণুগোপালে সাম্প্রতিক কালত কে’বাটাও ক্ষেত্রত ৰাষ্ট্রদ্রোহ আইনৰ অপপ্রয়োগৰ কথাও কৈছে । তেওঁৰ অভিযোগ, মহাৰাষ্ট্রত হনুমান চালিশা পাঠৰ বাবেও অযৌক্তিকভাধে ১২৪(এ) ধাৰাত ৰাষ্ট্রদ্রোহৰ অভিযোগ কৰা হৈছে । যদিও কৃষক আন্দোলন-পৰ্যায়ত হৰিয়ানাত বিজেপি নেতা তথা মুখ্য অধ্যক্ষৰ গাড়ীৰ কাঁচ ভঙাৰ বাবে আৰক্ষীয়ে এশজন কৃষকৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰ সম্পর্কত তেওঁ একো কোৱা নাই ।

ৰাষ্ট্রদ্রোহ আইন তথা ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান কৰি একাধিক গোচৰ ৰুজু কৰা হৈছে শীৰ্ষ ন্যায়ালয়ত । আবেদনকাৰীসকলৰ ভিতৰত আছে এডিটৰ্ছ গিল্ড অৱ ইণ্ডায়া, মানৱাধিকাৰ বিষয়ক সংস্থা ‘কমন কজ’, আছে প্রাক্তন কেন্দ্রীয় মন্ত্রী অৰুণ সৌৰি, প্রাক্তন মেজৰ জেনেৰেল এছ জি ভোম্বাটকেৰে, সাংবাদিক পেট্রিছিয়া মুখিম আৰু অনুৰাধা ভাছিনসহ অনেক । আবেদনকাৰীসকলৰ যুক্তি, ভাৰতীয় দণ্ডবিধিৰ ১২৪(এ) ধাৰা সংবিধানৰ ১৯(১)(এ), ১৪ আৰু ২১ এই তিনি অনুচ্ছেদৰ পৰিপন্থী ।

চৰকাৰ পক্ষৰ প্রতিনিধিত্ব কৰিছে ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই । সাংবিধানিক পদাধিকাৰ হোৱাৰ বাবে আদালতক সহায় কৰিছে এটর্নি জেনেৰেল বেণুগোপালে । প্রসংগত, যোৱা বছৰেই শুনানিত শীর্ষ আদালতত প্রশ্ন তুলিছিল, যি আইন ব্রিটিছ শাসকসকলে ‘মহাত্মা গান্ধী, বাল গংগাধৰ তিলকৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল, সেই ঔপনিৱেশিক আইন স্বাধীনতাৰ ৭৫ বছৰ পাছতো কেনেকৈ অটুট থাকিব ?’

চৰকাৰৰ হাতত এই আইনৰ অপব্যৱহাৰৰ সম্ভাৱনা প্রসংগত মুখ্য ন্যায়াধীশে কৈছিল, “ৰাষ্ট্রদ্রোহ আইন হ’ল কাঠৰ মিস্ত্রিৰ হাতত কৰত তুলি দিয়াৰ দৰে ! ই কাঠৰ পৰিৱৰ্তে বন কাটি আনে !”

Exit mobile version