১৪ মে’ত গৃহ-স্বাস্থ্য-শিক্ষা বিভাগত ২৩ হেজাৰ পদত নিযুক্তি ৰাজ্য চৰকাৰৰ

lonccrt himanta sarma

অহা ১৪ মে’ত গৃহ, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ ২৩ হেজাৰ পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব অসম চৰকাৰে । চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি একেলগে এই বৃহৎ সংখ্যক নিযুক্তি প্ৰদান সম্পন্ন কৰি চমক দিব বিচাৰিছে চৰকাৰে ।

বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে চৰকাৰে যি এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক পূৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

চৰকাৰৰ বিভিন্ন বিভাগত সম্পন্ন হ’বলগীয়া সেই নিযুক্তিৰ প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে । তাৰে ২৩ হেজাৰ নিযুক্তি উক্ত দিনটোত সমাপন কৰা হ’ব ।

Exit mobile version