এমাহতে ১৫ টকা বাঢ়িল কেৰাচিনত

নীলা কেৰাচিনৰ চোৰাং বেহা ৰমৰমীয়া হৈছে ৰাজ্যত

kerosine.1.1565536

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য‌ই ধোঁৱা-কোৱা দেখুওৱাৰ মাজতে সন্তৰ্পণে অভূতপূৰ্ব হাৰত দাম বৃদ্ধি হৈছে নীলা কেৰাচিনৰ । এটা মাহত প্ৰতি লিটাৰ কেৰাচিনত ১৫ টকাতকৈও অধিক পৰিমাণত মূল্যবৃদ্ধি হৈছে । অথচ একেবাৰে নিম্ন আয়ৰ লোকৰ সুবিধাৰ্থে ৰেছন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত কেৰাচিন যোগানৰ সিদ্ধান্ত লৈছিল চৰকাৰে; কিন্তু নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থাৰ পৰিণতিত প্ৰতি মাহতে দীঘলীয়া জাঁপ মাৰি বৃদ্ধি হৈছে ইয়াৰ মূল্য ।

জিলাভেদে পৰিবহণ ব্যয়ৰ ভিত্তিত প্ৰতিলিটাৰ নীলা কেৰাচিনৰ মূল্য সুলভ মূল্যৰ দোকানত ৯০ টকা পৰ্যন্ত হৈছে । ইয়াৰ ফলত সাধাৰণ লোকৰ বাবে কেৰাচিন ক্ৰয় কৰাটো দুৰূহ হৈ পৰিছে । কিন্তু এটোপাল কেৰাচিন নহ’লে পাকঘৰত জুই নজ্বলা হেতুকে সাধাৰণ পৰিয়ালসমূহে অধিক ব্যয় কৰি হ’লেও ইয়াক সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে । কেন্দ্ৰীয় চৰকাৰে উজ্বলা আঁচনিৰ অধীনত নিম্ন আয়ৰ পৰিয়ালসমূহ বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ দিয়াৰ অভিলাষী প্ৰকল্প ৰূপায়ণ কৰি আহিছে । কিন্তু এই আঁচনিত প্ৰথমবাৰতহে বিনামূলীয়াকৈ গেছৰ চিলিণ্ডাৰ যোগানৰ পাছত পৰৱৰ্তী সময়ত নিজেই গেছ ক্ৰয় কৰিবলগীয়া হয় ।

ইফালে, প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ মূল্য‌ও এহেজাৰ টকাৰ ওচৰা-ওচৰি হৈছে । এনে অৱস্থাত একেবাৰে নিম্ন আয়ৰ পৰিয়ালবোৰৰ বাবে মাহত এটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰাটো অসম্ভৱ হৈ পৰিছে । যাৰ বাবে পৰিয়ালবোৰে পুনৰ কেৰাচিন জুইৰ মাজলৈ ঘূৰি যাবলৈ বাধ্য হৈছে; কিন্তু কেৰাচিনৰো এনে অভাৱনীয় মূল্যবৃদ্ধিৰ ভৰ বহন কৰাটো তেওঁলোকৰ বাবে সম্ভৱ নহয় । তথাপি কম পৰিমাণত হ’লেও দৈনিক উপাৰ্জনৰ চানকাঢ়ি বহু পৰিয়ালে কেৰাচিন ক্ৰয় কৰিবলগীয়া হৈছে ।

গুৱাহাটীৰ বজাৰত বৰ্তমান সুলভ মূল্যৰ দোকানত প্ৰতিলিটাৰ কেৰাচিনৰ খুচুৰা মূল্য ৮৫ টকা । ইয়াৰ বিপৰীতে পৰিবহণ ব্যয় যোগ হৈ জিলাভেদে সেই মূল্য ৯০ টকালৈ বৃদ্ধি হৈছে । যোৱা মাৰ্চত মুখ্য ডিপ’ত প্ৰতিলিটাৰ কেৰাচিনৰ মূল্য আছিল ৬০.৬৪ টকা । এপ্ৰিলত সেই মূল্য একে কোবে ৭৬.৫০ টকালৈ বৃদ্ধি হয় । মূল ডিপ’ৰ পৰা খুচুৰা এজেণ্টলৈ তেল যোৱাৰ পাছত প্ৰতিলিটাৰ ৮৫ টকালৈ বৃদ্ধি হয় । কোনো কোনো জিলাত খুচুৰা মূল্য ৯০ টকালৈ বৃদ্ধি হয় ।

প্ৰতিমাহে মূল্যৰ এনে বৃদ্ধি অব্যাহত আছে । ফেব্ৰুৱাৰীতকৈ মাৰ্চত প্ৰতিলিটাৰ কেৰাচিনৰ মূল্য সাত টকা বৃদ্ধি হৈছে । ফেব্ৰুৱাৰীত প্ৰতিলিটাৰ ৫৩.৭০ টকা থকাৰ বিপৰীতে মাৰ্চত মূল্য হৈছিল ৬০.৬৪ টকা । কেৰাচিনৰ মূল্য কি হাৰত বৃদ্ধি হৈছে তাৰ অন্যতম উদাহৰণ হ’ল যোৱা ছেপ্টেম্বৰত প্ৰতিলিটাৰ তেলৰ মূল্য মুখ্য ডিপ’বোৰত ৩৯.৯৫ টকা থকাৰ বিপৰীতে এপ্ৰিলত ৭৬.৫০ টকালৈ বৃদ্ধি হয় ।

সুলভ মূল্যৰ দোকানত দামবৃদ্ধিৰ ফলত নীলা কেৰাচিনৰ অবৈধ বজাৰখনতো মূল্যবৃদ্ধি হৈছে । কম-বেছি পৰিমাণে সকলো পৰিয়ালকে কেৰাচিনৰ প্ৰয়োজন হয় । সেয়েহে সুলভ মূল্যৰ সামগ্ৰীৰ সুবিধা লাভ নকৰা পৰিয়ালবোৰে চাহিদা পূৰাবলৈ অভাৱনীয় দৰত কেৰাচিন ক্ৰয় কৰিবলৈ বাধ্য হৈছে । ইয়াৰ সমান্তৰালকৈ কেৰাচিনৰ বৃহৎ চোৰাং বজাৰো ৰমৰমীয়াকৈ চলি আহিছে ।

ৰন্ধন গেছৰ ব্যাপক মূল্যবৃদ্ধিৰ বাবে কেৰাচিনৰ ওপৰত নিৰ্ভৰশীলতা নিম্ন আয়ৰ লোকসকলৰ মাজত বৃদ্ধি হোৱাৰ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ ৪৩ নম্বৰ ৱাৰ্ডৰ বাসিন্দা কমলী বসুমতাৰীয়ে কয় যে তেওঁলোকৰ দৰে দৈনিক উপাৰ্জনৰ ওপৰত চলা পৰিয়ালবোৰত হাহাকাৰ লাগিছে । এক লিটাৰ কেৰাচিন ৮৫ টকাত ক্ৰয় কৰাটো সহজ কথা নহয় ।

ইপিনে, ৰন্ধন গেছো ক্ৰয় কৰাৰ ক্ষমতা তেওঁলোকৰ এতিয়া আৰু নাই । সকলো মিলি পাকঘৰৰ জুইকুৰা জ্বলোৱাটো অসম্ভৱ হৈ আহিছে । একেদৰে ৬০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা ক্ষুদ্ৰ পাচলি ব্যৱসায়ী নীলিমা বৈশ্য‌ই কয় যে আখলৰ জুইকুৰা জ্বলাবলৈ তেওঁলোকে বহু কষ্ট কৰিবলগীয়া হৈছে । দামৰ প্ৰকোপত চিলিণ্ডাৰো প্ৰয়োজন অনুপাতে কিনিব নোৱাৰে আৰু কেৰাচিন কিনাও কষ্টকৰ হৈছে ।

মহিলাগৰাকীয়ে কয়, ‘আগতে এটা চিলিণ্ডাৰ এমাহ গৈছিল আৰু এতিয়া আঢ়ৈ-তিনিমাহ যায় । কাৰণ বেছি সময় লগা আঞ্জা কেৰাচিন ব্যৱহাৰ কৰি খৰিৰ জুইত ৰান্ধো । নহ’লে আমাৰ চলাটো সম্ভৱ নহয় ।’ প্ৰসংগক্ৰমে বৰপেটা চহৰত কমলা তেল ডিপ’ৰ স্বত্বাধিকাৰী ডেভিদ দাসে কয় যে চলিত মাহতো কেৰাচিনৰ মূল্য বৃদ্ধি পাব বুলি তেওঁলোকে খবৰ লাভ কৰিছে । এনেকৈ দাম বৃদ্ধি হৈ থাকিলে তেওঁলোকৰ বাবেও তেল সংগ্ৰহ কৰাটো সম্ভৱ নহ’ব ।

Exit mobile version