AR Rahman : বিবাহত বহিল ৰহমান-কন্যা খাতিজা, শুভেচ্ছা বার্তা অনুৰাগীৰ

pjimage 2022 05 06T072836.738 1

জানুৱাৰীৰ আৰম্ভণিতেই বাগদান সম্পন্ন হৈছিল । এইবাৰ বিবাহপাশত আবদ্ধ হ’ল সংগীতশিল্পী এ.আৰ. ৰহমান (Music maestro A.R. Rahman)-ৰ জ্যেষ্ঠ কন্যা খাতিজা ৰহমান (Khatija Rahman) । ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিতে হ’ল অনুষ্ঠান । ছ’চিয়েল মিডিয়াত ছবি প’ষ্ট কৰি সেই খবৰ জনালে ৰহমানে ।

বিবাহপাশত আবদ্ধ খাতিজা

ৰিয়াছদিন শেখ মহম্মদ (Riyasdeen Shaik Mohamed)-ক বিয়া কৰালে খাতিজাই । ৰিয়াছদিন শেখ মহম্মদ এজন উদ্যোক্তা আৰু জীৱিকাসূত্ৰে এজন অডিঅ’ ইঞ্জিনিয়াৰ । আনহাতে, খাতিজা এগৰাকী গায়িকা যিয়ে ‘ফেৰিস্তো’ বা ‘পুধিয়া মানিধা’ গীতটি গাইছে । ইয়াৰ উপৰি একাধিক তামিল গীতো গাইছে খাতিজাই ।

আইভৰি বগা ৰঙৰ বিয়াৰ পোছাকত সুসজ্জিত দৰা-কইনাৰ স’তে গোটেই পৰিয়ালৰ ছবি তুলি প’ষ্ট কৰিছে । নৱ বিবাহিত দম্পতিৰ মূৰত আশীর্বাদৰ হাত স্বৰূপ ৰহমানৰ মাতৃৰ ছবিও দেখা গ’ল তেওঁলোকৰ লগত । ফেমিলি ফটোত নৱ দম্পতিৰ স’তে এ আৰ ৰহমান, তেওঁৰ পত্নী ছায়ৰা বানু আৰু আমিন আৰু ৰহিমাক দেখা যায় । কেপছনত লিখে, ‘সর্বশক্তিমানে দম্পতিক আশীর্বাদ কৰক… সকলোৰে শুভেচ্ছাৰ বাবে আগতীয়াকৈ ধন্যবাদ’ ।

ছবি শ্বেয়াৰ কৰাৰ লগতে অনুৰাগীসকলৰ শুভেচ্ছা বার্তাৰ বন্যা বৈ যায় । যদিও ৰহমানে তেওঁৰ ব্যক্তিগত জীৱনক লাইমলাইটৰ পৰা দূৰত ৰখাটোৱে অধিক পছন্দ কৰে, কিন্তু কন্যাৰ বিয়াৰ আপডেট শ্বেয়াৰ কৰিছে ।

Exit mobile version