COVID-19 : পৰিসংখ্যাৰ তুলনাত প্ৰায় ১০ গুণ অধিক প্রাণহানি, ক’ভিড মৃত্যুত শীর্ষত ভাৰত, প্ৰতিবেদনত দাবী হু-ৰ

F210923YS03

কৰ’না (Coronavirus) অতিমাৰীৰ সময়ত ভাৰতত মাৰণ ভাইৰাছৰ ফলত চৰকাৰী মৃত্যুৰ পৰিসংখ্যা যি, তাতকৈ প্রায় ১০ গুণ অধিক সংখ্যক মানুহৰ মৃত্যু হৈছে । বিশ্ব স্বাস্থ্য সংস্থা WHOৰ পৰিসংখ্যাত এই দাবী কৰা হৈছে । ভাৰতৰ চৰকাৰী পৰিসংখ্যা অনুসৰি, দেশত কমেও পাঁচ লাখ ২০ হেজাৰজনৰ কভিডত মৃত্যু হৈছে । কিন্তু WHOৰ পৰিসংখ্যা অনুযায়ী, ভাৰতত ক’ভিডৰ (COVID-19) ফলত পত্যক্ষ বা পৰোক্ষভাৱে প্রায় ৪৭ লাখ মানুহৰ মৃত্যু হৈছে ।

আজি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত সমগ্ৰ বিশ্বত ক’ভিড মহামাৰী লৈ পৰিসংখ্যা দাঙি ধৰা হয় । তাত দেখা গৈছে বিশ্বত মুঠ ১৪.৯ মিলিয়ন মানুহৰ মৃত্যু হৈছে ক’ভিডৰ ফলত । এই পৰিসংখ্যা দাঙি ধৰি প্রতিটো দেশৰ প্রতি WHOৰ পৰামর্শ, স্বাস্থ্য ব্যৱস্থা আৰু শক্তিশালী।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুযায়ী, ভাৰতত ২০২০ৰ আগষ্টত তলাবন্ধ থকাকালীন (Lockdown), ক’ভিডত মৃত্যুৰ সংখ্যা বহু কম আছিল । মৃত্যুৰ সংখ্যা বৃদ্ধি পায় ছেপ্টেম্বৰৰ পাছৰ পৰা । যি ভাৰতত মৃত্যুৰ স্বাভাৱিক অংক, তাতকৈ ১৩ শতাংশ অধিক বৃদ্ধি পাইছে ক’ভিড কালত । ভাৰত প্রসংগত WHOৰ প্ৰতিবেদনত আৰু কোৱা হৈছে, ২০২০ৰ এক জানুৱাৰীৰ পৰা ২০২১ৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

২০২১ৰ আৰম্ভণিতেই ভাৰতে ক’ভিডৰ দ্বিতীয় ঢৌ (Second Wave) দেখিছে । য’ত হাস্পাতালত বিছনা পাবলৈ দৌৰিছে জনসাধাৰণে । অক্সিজেন (Oxygen) চিলিণ্ডাৰৰ অভাৱে কার্যত বিধ্বস্ত কৰি তোলে স্বাস্থ্য ব্যৱস্থাক । যদিও চৰকাৰী পৰিসংখ্যাতকৈ হু’ৰ পৰিসংখ্যা বাঢ়ি যোৱাৰ ঘটনাত ভাৰত চৰকাৰে প্রশ্ন তুলিছে হু’ৰ গণনা পদ্ধতিত ।

ইপিনে, যি পৰিমাণে বৰ্ধিত মৃত্যুৰ সংখ্যা দেখুওৱা হৈছে, তাৰ এটা বৃহৎ অংশ ভাৰতত ক’ভিডৰ দ্বিতীয় ঢৌৰ বুলি কোৱা হৈছে ।

যদিও বিবৃতি প্রকাশ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ এই দাবীক কার্যত খাৰিজ কৰিছে ভাৰত চৰকাৰে । তাত গণনা প্রক্রিয়াক লৈ প্রশ্ন তুলি WHOত নিজৰ অৱস্থান স্পষ্ট কৰিছে ভাৰতে । আনহাতে, চৰকাৰী পৰিসংখ্যাৰ তুলনাত বৰ্ধিত মৃত্যুৰ পৰিসংখ্যাৰ নিৰিখত শীৰ্ষ স্থানত আছে দক্ষিণ পূৱ এছিয়া, তাৰ পাছত আছে ইউৰোপ আৰু আমেৰিকা । এই অঞ্চলত ৮৪ শতাংশ বৰ্ধিত মৃত্যুৰ পৰিসংখ্যা লুকাই আছে । বাকী ৬৮ শতাংশ বৰ্ধিত মৃত্যুৰ পৰিসংখ্যা আছে বিশ্বৰ বাকী ১০ খন দেশত ।

Exit mobile version