Prostate Cancer : পেট চাৰি ইঞ্চি বৃদ্ধি পালেও বাঢ়িব পাৰে প্রষ্টেট কেন্সাৰত মৃত্যুৰ শংকা

IMG 20220506 080805

প্ৰষ্টেট কেন্সাৰ পুৰুষৰ প্রধান কেন্সাৰৰ ভিতৰত অন্যতম । এই কেন্সাৰৰ কাৰণক লৈ এতিয়াও নিশ্চিত নহয় বিশেষজ্ঞসকল । বয়স, ৰোগৰ পাৰিবাৰিক ইতিহাসৰ জৰে বিষয়বোৰে এই কেন্সাৰৰ শ্কা বঢ়ায় বুলি ধাৰণা বিশেষজ্ঞসকলৰ । এইবাৰ সেই তালিকাত সংযুক্ত হ’ল স্থূলতাও । অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ এটা সাম্প্রতিকতম গৱেষণা অনুসৰি, অতিৰিক্ত মেদে এই ৰোগত মৃত্যুৰ শংকা বহু গুণে বৃদ্ধি কৰে ।

গৱেষণাটোত বিজ্ঞানীসকলে প্রায় ২৫ লাখ মানুহৰ পৰীক্ষণ কৰিছে । এইটোৱে প্রষ্টেট কেন্সাৰৰ ওপৰত হোৱা এই পর্যন্তৰ সৰ্ববৃহৎ পৰীক্ষণ । গৱেষকসকলে কৈছে, সময় মতে চিকিৎসা কৰিলে অধিকাংশ প্রষ্টেট কেন্সাৰেই নিয়ন্ত্রণত ৰখা যায় । কিন্তু পেটৰ অতিৰিক্ত মেদে বৃদ্ধি কৰিব পাৰে প্রষ্টেট কেন্সাৰৰ মৃত্যুৰ শংকা । গৱেষণা অনুসৰি, পেট মাত্র চাৰি ইঞ্চি বৃদ্ধি পালেই প্রষ্টেট কেন্সাৰত মৃত্যুৰ শংকা প্রায় সাত শতাংশ বাঢ়ে ।

কেৱল পেট নহয়, দেহৰ সামগ্রিক মেদেও মাতি আনিব পাৰে বিপদ । গৱেষকসকলে কৈছে, ‘বডি মাছ ইণ্ডেক্স’ বা ‘বিএমআই’ পাঁচ প‌ইন্ট বৃদ্ধি পালে প্রষ্টেট কেন্সাৰত মৃত্যুৰ শংকা বৃদ্ধি পায় ১০ শতাংশ । লগতে দেহত মেদৰ পৰিমাণ পাঁচ শতাংশ বৃদ্ধি পালে এই শংকা প্রায় তিনি শতাংশলৈকে বাঢ়ে ।

Exit mobile version