Russia-Ukraine War : নেটোৰ সদস্যভুক্ত হ’ব বিচৰাৰ বাবে ফিনলেণ্ডৰ আকাশত ৰুছ বিমান, যৌথ অনুশীলন আমেৰিকাৰ স’তে

1651821377 finland

ইউক্রেইনৰ পাছত এইবাৰ ফিনলেণ্ডত সামৰিক অভিযান চলোৱাৰ প্রস্তুতি চলাইছে ভ্লাদিমিৰ পুটিনে ! বিগত ৪৮ ঘণ্টাত এনে শংকাৰ কথাই জনাইছে ইউৰোপৰ একাধিক দেশে । বুধবাৰে নিশা ৰুছ যুদ্ধবিমানে ফিনলেণ্ডৰ আকাশসীমা লংঘন কৰাৰ পাছত ফিনলেণ্ড সেনাৰ ‘তৎপৰতা’ক লৈ আৰু তীব্ৰতৰ হৈছে যুদ্ধৰ জল্পনা ।

ৰাছিয়াৰ সকীয়নি অগ্রাহ্য কৰি ফিনলেণ্ডে চলিত সপ্তাহত আমেৰিকাৰ নেতৃত্বাধীন সামৰিক জোঁট নেটোৰ সদস্যপদৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ পাছতেই ৰুছ যুদ্ধবিমান প্ৰৱেশ কৰে ফিনলেণ্ডৰ আকাশসীমাত । ঘটনাচক্রে, ফেব্রুৱাৰীত ৰুছ হুমকি অগ্রাহ্য কৰি ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে নেটোৰ সদস্যপদৰ বাবে আবেদন কৰাৰ সিদ্ধান্ত লৈছিল । তাৰ পাছতেই ইউক্রেইনত সামৰিক অভিযানৰ কথা ঘোষণা কৰে ভ্লাদিমিৰ পুটিনে ।

বুধবাৰৰ পৰাই ৰুছ সীমান্তৱৰ্তী অঞ্চলত আমেৰিকাৰ সেনাৰ স’তে যৌথ যুদ্ধ অনুশীলন আৰম্ভ কৰিছে ফিনলেণ্ডৰ বাহিনীয়ে । ফলত উত্তেজনা আৰু বাঢ়িব পাৰে বুলি শংকা প্ৰকাশ কৰিছে সামৰিক বিশেষজ্ঞসকলৰ একাংশ‌ই ।

প্রসংগত, প্রাক-দ্বিতীয় বিশ্বযুদ্ধ পৰ্যায়ত ১৯৩৯ৰ নৱেম্বৰত ফিনলেণ্ডত আক্ৰমণ চলাইছিল ছোভিয়েত ইউনিয়নে । কিন্তু সামৰিক ক্ষমতাত অনেক আগুৱাই থাকিও প্রায় চাৰে তিনি মাহৰ যুদ্ধত স্কেণ্ডিনেভিয়া অঞ্চলৰ সৰু দেশখনক সম্পূৰ্ণ দখল কৰিব নোৱাৰে জোছেফ ষ্টালিনৰ সেনাই ।

Exit mobile version