চাইকেল চলাই খাদ্য যোগান ধৰা যুৱকক মটৰ চাইকেল উপহাৰ আৰক্ষীৰ

police gifts bike 16516400943x2 1

চহৰ অঞ্চলত আজিকালি সততে প্রত্যক্ষ হয় চাইকেল, মটৰ চাইকেলৰে ঘৰে ঘৰে খাদ্য যােগান ধৰা যুৱকক। এই সকল যুৱকক ‘ডেলিভাৰী বয়’ বুলি কোৱা হয়। ছুইগী, জ’মাট’ আদি প্রতিষ্ঠানত এনে অগণন ‘ডেলিভাৰী বয়’ সম্প্রতি নিয়ােজিত হৈ আহিছে।

গ্রাহকক এইদৰে ঘৰে ঘৰে গৈ খাদ্য যােগান ধৰাৰ বিনিময়ত এওঁলােকে লাভ কৰে কমিছন। বহুতে মটৰ চাইকেলৰ অভাৱত চাইকেল চলাই এইদৰে ‘ডেলিভাৰী বয়’ৰ কামত নিয়ােজিত হৈছে। স্বাভাৱিকতে চাইকেল চলাই ব্যস্ত মহানগৰ এখনত এজনৰ পাছত আনজন গ্রাহকৰ ঘৰলৈ গৈ খাদ্য যােগান ধৰাৰ বাবে অধিক পৰিশ্ৰম কৰিব লগা হয়।

মধ্য প্রদেশৰ ইন্দোৰৰ বিজয়নগৰ থানা অঞ্চলতাে এইদৰে চাইকেল চলাই খাদ্যৰ যােগান ধৰিছিল এজন যুৱকে। অঞ্চলটোত টহল দিয়াৰ সময়ত উক্ত যুৱকজনক প্ৰায়ে প্রত্যক্ষ কৰিছিল স্থানীয় থানাৰ আৰক্ষীয়ে। ইয়াৰ পাছতে যুৱকৰ কষ্ট লাঘৱৰ বাবে উদ্যোগ গ্রহণ কৰিলে বিজয়নগৰ থানাৰ আৰক্ষীয়ে।

নিজৰ উদ্যোগতে উক্ত যুৱকক এখন নতুন মটৰ চাইকেল উপহাৰ দিয়ে আৰক্ষীয়ে। বিজয়নগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এছ এইচ অ’ তেহজিব কাজীয়ে প্রকাশ কৰা অনুসৰি,তেওঁলােকে নিজে ধন সংগ্রহ কৰি উক্ত ‘ডেলিভাৰী বয়’ৰ বাবে মটৰ চাইকেলখন ক্ৰয় কৰিলে।

প্রাথমিকভাৱে ৩২ হেজাৰ টকা যােগাৰ কৰা হৈছিল আৰু উক্ত ধন ডাউন পেমেন্ট হিচাপে জমা দি কিস্তিত ধন পৰিশােধৰে মটৰ চাইকেলখন কিনা বুলি কাজীয়ে জানিবলৈ দি কয় যে প্রথম কিস্তিৰ ধনাে তেওঁলােকে আদায় দিলে। পৰবৰ্তী কিস্তিৰ ধন উক্ত ডেলিভাৰী যুৱকে নিজে আদায় দিব আৰু কেতিয়াবা ধন আদায় দিবলৈ অসমর্থ হ’লে আৰক্ষীয়ে সহায় কৰাৰ প্রতিশ্রুতি দিছে।

আৰক্ষীৰ পৰা এইদৰে মটৰ চাইকেল উপহাৰ লাভ কৰাত আনন্দিত যুৱকজনে কয়, ইমানদিনে চাইকেলৰে আঠ-১০টা অর্ডাৰ ল’ব পাৰিছিলাে। এতিয়া মটৰ চাইকেলৰে ১৫-২০টা অর্ডাৰ ডেলিভাৰী কৰাে৷ নিশাও খাদ্য যােগান ধৰিব পাৰিছাে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে আৰক্ষীৰ এই মহানক প্রশংস কৰিছে।

Exit mobile version