দুবিঘাজুৰি ঠাল-ঠেঙূলিৰে বিস্তাৰিত দুশ বছৰীয়া খোৰাগাঁৱৰ বটবৃক্ষ

হাতবাউলি দি মাতে দেশী-বিদেশী পৰ্যটকক: গুৰুত্ব নাই বিভাগৰ

IMG 20220506 WA0002

দুবিঘা মাটি কালিক সামৰি ঠাল-ঠেঙুলিৰে বিস্তাৰিত বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰাৰ মহকুমাৰ অন্তৰ্গত বিশাল বট বৃক্ষ জোপাই হাতবাউল দি মাতে দেশী–বিদেশী পৰ্যটকক । এই বটবৃক্ষ জোপা যেন এডাল বটবৃক্ষ নহয়- কুৰিডালতকৈও অধিক প্ৰকাণ্ড প্ৰকাণ্ড বটবৃক্ষৰ এক সমষ্টিহে ৷

চৌদিশে চেদেলী- ভেদেলি ঠাল-ঠেঙেলিৰে বৈচিত্ৰপূৰ্ণ হৈ পৰা মহীৰূহ বটবৃক্ষ জোপাৰ ঘাইগছ বিচাৰি উলিওৱাটো পৰ্বতত কাছকণী বিচৰা লেখীয়া ৷ উল্লেখ্য যে, জিলাখনৰ অভয়াপুৰীৰ নিকটবৰ্তী তথা পাচনীয়া খোৰাগাওঁ পঞ্চায়তৰ অন্তৰ্গত গেৰামাৰীত প্ৰচাৰবিহীন ভাৱে আছে মহীৰূহ বটবৃক্ষ জোপা।

স্থানীয় লোকে কোৱামতে, দুশৰো অধিক বছৰ হ’ব বটবৃক্ষ জোপাৰ । প্ৰায় দুবিঘা জুৰি ভুমি আৱৰি থকা বৃক্ষ জোপাৰ প্ৰকৃততে ঘাই গছডালৰ অস্তিত্ব বিচাৰি পোৱা নাযায় । ধাৰণা কৰা মতে, বহুবছৰ পূৰ্বেই গা -গছডালৰ পৰা স্বাভাৱিকতে ফেৰ মেলি আতঁৰি যোৱা ডালৰ পৰা অস্থানিক শিপাৰ পৰা সৃষ্টি হৈ ক্ৰমে তলমুৱাকৈ গৈ পোত খাই পৰিছিলগৈ ।

পাছত অস্থানিক শিপাবোৰে সময়ত ডালপাত বহন কৰাৰ লগতে প্ৰতিটো অস্থানিক মূল একো একোটা খুটা বা স্তম্ভৰ দৰে হৈ পৰাত বৈচিত্ৰপূৰ্ণ হৈ পৰিছে বটবৃক্ষ জোপা ।মনকৰিবলগীয়া যে, এনে কাৰণতে বটবৃক্ষ জোপাৰ পৰা একাধিক বৃক্ষৰ সৃষ্টি হোৱাত সকলোবোৰে ঘাইগছ যেন হৈ পৰিছে । বিভিন্ন চৰাই-চিৰিকতিৰ আশ্ৰয়স্থল বৃহৎ গছজোপা সংৰক্ষণৰ অভাৱত বহু অংশ বিধস্ত হৈছে।

এই স্থানলৈ যাবলৈ অভয়াপুৰীৰ পৰা শিঙিমাৰী হৈ প্ৰায় দহ কিলোমিটাৰ আৰু যোগীঘোপা পৰা ছয় কিলোমিটাৰ উত্তৰ দিশলৈ আগবাঢ়িলে পাব পাৰি এই বিয়াগোম বটবৃক্ষ জোপা ৷ উল্লেখ্য যে, এটা সময়ত গ্ৰামোন্নয়ন বিভাগে বি আৰ জি এফ আচঁনিৰ প্ৰাক্‌কলন পুস্তিকাৰ প্ৰচ্ছদপটত বটবৃক্ষ জোপাক প্ৰাধান্য দি গছজোপাৰ সংৰক্ষণৰ বাবে আচঁনি গ্ৰহণৰ বাবে দিল্লীলৈ প্ৰেৰন কৰিছিল যদিও বটবৃক্ষ জোপা সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো দুৰৈৰ কথা গছজোপালৈ যোৱা জৰাজীৰ্ণ বাট-পথ উন্নয়নৰ বাবেও আশানুৰূপ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।

যি সময়ত কলকাতা হাওৰাৰ আচাৰ্য জগদ্বীশ চন্দ্ৰ বোস ইণ্ডিয়ান বটানিকেল গাৰ্ডেনৰ বটবৃক্ষ জোপাই বিশ্বজোৰা খ্যাতি লাভ কৰিছে-তাৰ বিপৰীতে বঙাইগাঁও জিলাৰ খোৰাগাৱঁৰ এই বটবৃক্ষ জোপা সংৰক্ষণ নহ’ল আজিও।

Exit mobile version