দেশৰ সামগ্রিক উৰ্বৰতাৰ হাৰ হ্রাস পাইছে

0002792841

দেশত হাস পাইছে প্রজননৰ উৰ্বৰতাৰ হাৰ। ইয়াৰ জৰিয়তে প্রতিফলিত হৈছে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদ্ধতিসমূহৰ লক্ষ্যণীয় অগ্রগতি। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জীপ (এনএফএইছ এছ-৫)ৰ পঞ্চমলানি প্রতিবেদনত উন্মােচিত তথ্য অনুসৰি ভাৰতৰ সামগ্রিক উৰ্বৰতাৰ হাৰ ২.২ৰ পৰা ২.০ লৈ হ্রাস পাইছে।

এগৰাকী মহিলাৰ সন্তানৰ গড় সংখ্যা অনুসৰি এই হাৰ নির্ণয় কৰা হয়। ইয়াৰ পূৰ্বৰ প্রতিবেদনত এই হাৰ আছিল ২.২। প্রতিবেদন অনুসৰি ভাৰতৰ পাঁচখন ৰাজ্যত দেশৰ সামগ্রিক হাৰতকৈ উৰ্বৰতাৰ হাৰ অধিক।এই ৰাজ্যকেইখন হৈছে বিহাৰ (২.৯৮), মেঘালয় (২.৯১), উত্তৰ প্ৰদেশ (২.৩৫), ঝাৰখণ্ড (২.২৬) আৰু মণিপুৰ (২.১৭)।

দেশৰ ৭০৭খন জিলাৰ সাত লাখ ২৪ হেজাৰ ১১৫ গৰাকী মহিলা আৰু এক লাখ এহেজাৰ ৮৩৯ জন পুৰুষৰ পৰা তথ্য সংগ্রহৰ জৰিয়তে এই জৰীপ ৰাষ্ট্রজুৰি সম্পন্ন কৰা হৈছে। জৰীপত কোৱা হৈছে যে দেশৰ প্ৰায় সকলাে ৰাজ্যতে গর্ভ নিৰােধকৰ আধুনিক পদ্ধতিৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

পৰিয়াল পৰিকল্পনাৰ বাবে আধুনিক পদ্ধতি অৱলম্বন কৰাৰ হাৰ লক্ষ্যণীয়ভাৱে ১৩ শতাংশ পৰা ন শতাংশ হ্রাস পাইছে। দুটা সন্তানৰ মাজৰ বয়সৰ ব্যৱধান ৰাখিবলৈ আধুনিক গর্ভ নিৰােধক পদ্ধতি ব্যৱহাৰ নকৰাটো পূর্বতে ভাৰতৰ এক গুৰুতৰ সমস্যা আছিল যদিও এতিয়া এই সমস্যা ১০ শতাংশৰ তললৈ হ্রাস পাইছে বুলি ৰাষ্ট্ৰীয় জৰীপৰ বিবৃতিত প্রকাশ।

তদুপৰি দেশৰ প্ৰতিষ্ঠানিক শিশু জন্মৰ হাৰ লক্ষ্যণীয়ভাৱে ৭৯ শতাংশৰ পৰা ৮৯ শতাংশলৈ বৃদ্ধি পাইছে। গ্রামাঞ্চলত ৮৭ শতাংশ শিশু জন্ম হয় হাস্পতালত আৰু নগৰাঞ্চলত এই হাৰ ৯৪ শতাংশ। অৰুণাচল প্রদেশত চিকিৎসালয় আদিত শিশুৰ জন্মৰ হাৰ সর্বাধিক ২৭ শতাংশ বৃদ্ধি পাইছে।

অসম, বিহাৰ, মেঘালয়, চত্তিছগড়, নগালেণ্ড, মণিপুৰ, উত্তৰ প্রদেশ আৰু পশ্চিমবংগত ১০ শতাংশ এই হাৰ বৃদ্ধি পাইছে। বিগত পাঁচবছৰ দেশৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত জৰীপ অনুসৰি,পাঁচবছৰৰ তলৰ শিশুৰ বয়স অনুপাতে উপযুক্তভাৱে বিকাশ নােহােৱাৰ পর্যায় ভাৰতত বিগত চাৰি বছৰত ৩৮ৰ পৰা ৩৬ শতাংশ হৈছে।

গ্রামাঞ্চলত এই হাৰ অধিক (৩৭ শতাংশ) তথা নগৰাঞ্চলত ৩০ শতাংশ। এই পৰিসংখ্যা ২০১৯-২১। বয়স অনুপাতে শিশু সুবিকশিত নােহােৱাৰ ক্ষেত্ৰত সবাতােকৈ তলত আছে পুড়ুচেৰী (২০ শতাংশ) আৰু মেঘালয়ত সর্বাধিক (৪৭ শতাংশ)। পূর্বৱর্তী প্রতিবেদনৰ তুলনাত অধিক ওজন অথবা মেদবহুলতা বর্তমান অধিকাংশ ৰাজ্যতে বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত মহিলাৰ ক্ষেত্ৰত ২১ৰ পৰা এই পৰিসংখ্যা ২৪ লৈ বৃদ্ধি হৈছে তথা পুৰুষৰ ক্ষেত্ৰত ১৯ৰ পৰা ২৩ শতাংশলৈ বৃদ্ধি হৈছে। কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্র প্রদেশ, গােৱা, ছিকিম, মণিপুৰ, দিল্লী, তামিলনাড়ু, পুড়ুচেৰী, পঞ্জাৱ, চণ্ডীগড় আৰু লাক্ষাদ্বীপৰ প্রতি তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকীতকৈ বেছিৰ মেদবহুলতা আছে।

অথবা ওজন অধিক। শিশুৰ ক্ষেত্ৰত প্রতিবেদন অনুসৰি, ১২ৰ পৰা ২৩ মাহৰ ভিতৰত তিনি-চতুর্থাংশ শিশুৰ সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে। পূর্বৱর্তী জৰীপত এই পৰিসংখ্যা আছিল ৬২ শতাংশ। লক্ষ্যণীয় যে এই শেহতীয়া জৰীপৰ তথ্যই দাঙি ধৰিছে বহনক্ষম উন্নয়ন লক্ষ্যৰ সূচকাংৰ ক্ষেত্ৰত সকলাে ৰাজ্যতে সামগ্রিক উন্নয়নৰ হ্রাস।

সম্প্রতি পৰিয়ালৰ সিদ্ধান্ত গ্রহণৰ মহিলাৰ অংশ দায়িত্ব বৃদ্ধি পাইছে। লাডাখত এই পৰিসংখ্যা ৮০ শতাংশ আৰু নগালেণ্ড তথা মিজোৰামত ৯৯ শতাংশ। গ্রামাঞ্চলত এই পৰিসংখ্যা ৭৭ শতাংশ আৰু নগৰ অঞ্চলত ৮১ শতাংশ অর্থাৎ পার্থক্য সামান্য। আন এক তথ্য অনুসৰি মহিলাৰ বেংকৰ সাঁচতীয়া ধনৰ পৰিমাণ বিগত চাৰি বছৰত ৫৩ শতাংশৰ পৰা ৭৯ শতাংশ বৃদ্ধি পাইছে।

Exit mobile version