বাগসাৰ আনন্দ বজাৰত উন্নয়নৰ নামত কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ

আনন্দ বজাৰত গৰুগাড়ী-ম’হৰ গাড়ীৰ শব্দ আজি নষ্টালজিয়া

9bcdc217 3fdd 47e8 8ef5 0d46248a91b3

পূৰ্বৰ বৰপেটা তথা বৰ্তমানৰ বাগসা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত তথা ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আনন্দ বজাৰ এখন বৃহৎ পুৰণি বজাৰ। এই বজাৰখন গঢ়ি উঠিছিল মুলত ইয়াৰ দাঁতিকাষৰীয়া গাঁও হাটখোলা,পাটলা,ডুমৰুগুৰি,আম্ৰাট্টাৰী,ৰৌমাৰী,কলবাৰী,গাতি,মছলাবাৰী,খয়ৰবাৰী,আওহাটা,সোণপেৰাবড়ী,কুৰিবিল,লচিমাটাৰী,বৰটাৰী,সাউদৰভিঠা,কয়মাৰী,কচুগাঁও,ভকুৱামাৰী,মটঙাকে ধৰি ভিন্ন গাঁও সমূহত প্ৰচুৰ পৰিমাণে কৃষিজাত সামগ্ৰী উৎপাদন হোৱাৰ বাবে।

নেমু উৎপাদনত বিখ্যাত আনন্দ বজাৰলৈ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰেতা বিক্ৰেতাৰ সোঁত বয়। বজাৰ খনৰ নামেৰে ঠাইখনো আনন্দবজাৰ হিচাপে এটা সুঁকীয়া পৰিচিত আছে। এই বজাৰখনক কেন্দ্ৰ কৰিয়ে অঞ্চলটোত গঢ়ি উঠিছে কেবাটাও অনুষ্ঠান প্ৰতিষ্ঠান৷

৮০ দহকৰ শেষ ভাগলৈকে বজাৰখন ইমানে ব্যস্ত বজাৰ আছিল যে বেপাৰী আৰু বয় বস্তু কঢ়িওৱা বাহন মাজনিশাৰ পৰা পিছৰ দুপৰ নিশালৈকে চলিছিল। ৰাতি পোহৰ নৌহৌওতেই বজাৰখন ভৰি পৰিছিল গৰুগাড়ী,ম’হৰ গাড়ী,ঠেলা,চাইকেলৰ লগতে দূৰ দূৰণিৰ পৰা মাজনিশাৰ পৰাই খোজ কাঢ়ি অহা ক্ৰেতা বিক্ৰেতা,বেপাৰী হাজাৰ হাজাৰ৷পূৰ্বৰ গৰুগাড়ী,ম’হৰ গাড়ীৰ শব্দ আজি আনন্দ বজাৰত নষ্টালজিয়া৷

এইফালে ৰাজহ সংগ্ৰহত এই বজাৰখন অসমৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছিল। এই বজাৰখনৰ পৰা ট্ৰাকে ট্ৰাকে কেচাকল, নেমু আৰু বিভিন্ন শাক পাচলি গুৱাহাটী,দৰং,মঙলদৈ,খাৰুপেটীয়াকে ধৰি বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছিল।

এই বজাৰখনক কেন্দ্ৰ কৰিয়ে আনন্দ বজাৰৰ পৰা গুৱাহাটী,কোকৰাঝাৰ,বৰপেটা ৰোড,বৰপেটা আদিলৈ ভালে কেইখন বাছও চলা চল কৰিছিল।তাৰে কিছু সংখ্যক ঠাইলৈ বৰ্তমানো অব্যাহত আছে বাছৰ সেৱা৷ কিন্তু বড়ো আন্দোলনৰ সময়ত সৃষ্টি হোৱা অশান্তি পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বজাৰখনৰ ব্যস্ততা বহু পৰিমাণে কমি গৈছে যদিও এতিয়াও বিভিন্ন প্ৰান্তৰ ক্ৰেতা বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয় বজাৰ খনত৷

সপ্তাহৰ প্ৰতি মংগলবাৰ আৰু শুক্ৰবাৰে হাট বহা বজাৰখনত পূৰ্বৰ নিয়ম অদ্যাপি প্ৰচলিত আছে৷আজিও প্ৰতি মংগলবাৰ আৰু শুক্ৰবাৰে হাট বহে আনন্দ বজাৰত৷ পৰিতাপৰ বিষয় যে এই পুৰণি এই বৃহৎ বজাৰখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনো কৰ্তৃপক্ষই আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে৷শেহতীয়াভাৱে বজাৰখন ইমানে কদৰ্যময় হৈ পৰিছে যে এজাক বৰষুণ পৰিলে বোকাময় হৈ পৰে বজাৰখনৰ সৰ্বদিশ৷

বজাৰখনৰ ভালেমান ঠাইত পানী জমা হোৱাৰ বাবে বজাৰখন সংকুচিত হৈ পৰিছে। এজাক বৰষুণ পৰিলেই এতিয়া মাছৰ বজাৰ,মাংসৰ বজাৰ,শাকপাচলিৰ বজাৰকে ধৰি ক’তোৱেই যেন প্ৰবেশ কৰিব নোৱাৰি৷বজাৰখনৰ উন্নয়নত পিঠি দিয়াৰ অভিযোগ তুলি স্থানীয় লোকে ৰাজনৈতিক একাংশক সমালোচনাৰ মজিয়াত আনিছে যদিও কোনো ক্ষেত্ৰতেই কোনো ধৰণৰ কামত অহা নাই বজাৰ উন্নয়নৰ ক্ষেত্ৰত ।

কেতিয়াবা বজাৰখনৰ উন্নয়নৰ নামত চৰকাৰী ধন আহে যদিও সেয়া স্থানীয় লোকে ৰজা পতা এক শ্ৰেণীৰ লোকৰ বাবে ঘৰ মাটি কৰাৰ ক্ষেত্ৰতহে প্ৰয়োগ হোৱাৰ উদাহৰণ বহুদিনীয়া৷ উল্লেখযোগ্য যে বিগত উপ নিৰ্বাচনৰ সময়ত বিজেপিৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ লগতে বিটিএডিৰ বিগত পৰিষদীয় নিৰ্বাচনত ইউ পি পি এলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে বজাৰখনৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইও শালবাৰীৰ গাতিত অনুষ্ঠিত হৈ যোৱা এখন নিৰ্বাচনী সভাত আনন্দ বজাৰত এটা শীত তাপ নিয়ন্ত্ৰণ ঘৰ নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈ পৰিছে। ফণীধৰ তালুকদাৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক হোৱাৰ লগতে বিটিএডিৰ পৰিষদ ইউ পি পি এলে গঠন কৰাৰ পিছত বিনোদ মুছাহাৰীয়ে শালবাৰী জিলা টি এল চি চি ৰ সভাপতিৰ দায়িত্ব লৈ বিভিন্ন ঠাইত উন্নয়নমূলক কাম কাজ কৰাৰ কথা জনা গৈছে যদিও আনন্দ বজাৰৰ উন্নয়নৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। যদিহে কোনো জনপ্ৰতিনিধি বা চৰকাৰে বজাৰখনৰ উন্নয়নৰ নামত চিন্তাচৰ্চা কৰে তেতিয়াহ’লে আনন্দ বজাৰৰ পূৰ্বৰ সুনাম পুনৰাই ঘুৰি আহিব আৰু বজাৰখন দপদপাই আগবাঢ়ি যাব পাৰিব৷

Exit mobile version