কাহৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব

travelpharm healthguide cough header

প্রচণ্ড ঠাণ্ডা অথবা ঋতু পৰিৱর্তনৰ সময়ত প্ৰায়ভাগ লােকে কাহত ভােগে। আনকি কিছুমানে কাহি কাহি অৱস্থা নাইকিয়া হয়। বেছিকৈ কাহিলে বুকুখন বিষাবলৈ ধৰে। কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি যদিহে কিছু সতর্কতা অৱলম্বন কৰা হয়। বিশেষকৈ শিশু আৰু বয়স্কলােকৰ ক্ষেত্ৰত সতর্কতাৰ খুবেই প্রয়ােজন।

★ডিঙিৰ পৰা মিউকাছ বা শ্লেস্মা আঁতৰ কৰিবলৈ কুহুমীয়া পানীত সামান্য নিমখ মিহলাই কুলু কুলু কৰিব লাগে। কুহুমীয়া ৰঙা চাহৰেও (চেনিৰ পৰিৱর্তে সামান্য নিমখ মিহলাব) কুলু কুলু কৰিলে সুফল পােৱা যায়।

★নিশা শােৱাৰ সময়ত গাৰুটো ওখ কৰি ল’ব লাগে। কাই হলে গাৰু ব্যৱহাৰ নকৰাকৈ শুলে বুকুত হেঁচা বেছিকৈ পৰে।

★যিবােৰ ব্যক্তিৰ ধূলি, গােন্ধ অথবা এলার্জীৰ বাবে সঘনাই কাহ হৈ থাকে তেওঁলােকে তেনেধৰণৰ উৎসৰ পৰা আঁতৰি থকাটোৱে মংগলজনক। ৰঙা চাহত আদাউতলাই খালেও সুফল পােৱা যায়।

★ভুলতেও ঠাণ্ডা পানী নাখাব। পাৰিলে কুহুমীয়া পানীৰে গা ধােৱাৰ ব্যৱস্থা কৰক।

★ডিঙিত সুৰসুৰণি হ’লে তেনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান ‘মেন্থল’যুক্ত চকলেট খাব পাৰে।

★মটৰ চাইকেল, চাইকেল আদি চলাওতে বা উঠি গ’লে মুখত মাস্ক এখন ব্যৱহাৰ কৰাটো মংগলজনক।

★ধূমপানৰ অভ্যাস ত্যাগ কৰক। তদুপৰি ওচৰত কোনােবাই ধূমপান কৰিলেও বহু আঁতৰত থাকিব লাগে। কাৰণ পৰােক্ষভাৱে গ্ৰহণ কৰা ধমূপানৰ ধোঁৱায়েও কাহৰ সৃষ্টি কৰাৰ শংকা থাকে।

★আপাৰ ছেপিৰেটৰী ট্রেক ইনফেকচন’ বা শ্বাস-প্রশ্বাসৰ ওপৰ অংশতহােৱা সংক্ৰমণৰ বাবেও কাহ হ’ব পাৰে। এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ ‘চিকেন চুপ খাওক।

★ঠাণ্ডা দিনত গৰমপানী ব্যৱহাৰ কৰক। বেছিকৈ ধূলি উৰিলে ঘূৰা-ফুৰাৰ ক্ষেত্ৰত সতর্ক হ’বই লাগিব।

Exit mobile version