নগাঁও -শোণিতপুৰ জিলাৰ চহৰৰ হেজাৰ হেজাৰ বিঘা মাটিত গোমধানৰ খেতি

মৰুময় চৰক সেউজীয়া কৰি সপোন ঠন ধৰাইছে কৰ্মঠ কৃষকে

IMG 20220506 WA0003

এফালে সশস্ত্ৰ মাতব্বৰ বাহিনীৰ ভয়-ভাবুকি,আনফালে প্ৰতি পদে পদে উচ্ছেদৰ ভয়।ইয়াৰ মাজতেই কঠোৰ শ্ৰমেৰে নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত একাংশ চৰৰ চুলমান আলী,জহিৰুল,জাকিৰ,হবিবুৰ,ইমান আলী,জামালুদ্দিন,ছফিকুল ইছলাম,মন্নাছ আলী প্ৰমুখ্যে শ শ কৰ্মঠ কৃষকে চৰৰ মৰুময় শুকাণ বালিকো সেউজ ৰূপ দিছে গোমধান খেতিৰ জৰিয়তে ।

আৰম্ভ কৰিছে এক সেউজ বিপ্লৱৰ। স্মৰ্তব্য যে,পূৰ্বতে চৰৰ এই কৃষক সকলে গ্ৰীষ্ম কালত ব্যাপক হাৰত আহু ধানৰ খেতি কৰিছিল যদিও সেই খেতিত উৎপাদন কমিবলৈ ধৰাত শাক-পাচলিৰ লগতে গোমধানৰ খেতিকেই প্ৰধান খেতি হিচাপে কৰি আহিছে।

গোমধান খেতি অতি লাভজনক হিচাপে বিবেচিত হোৱা হেতুকে জিলা দুখনৰ অধিকাংশ চৰতেই বিগত কেইটামান বছৰৰ পৰা গোমধানৰ খেতি কৰাত অধিক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। গ্ৰীষ্মকালৰ উপৰিও শীত কালতো চৰৰ হেজাৰ হেজাৰ বিঘা মাটিত গোধানৰ এই খেতি কৰা হয়। বিশেষকৈ পুহ-মাঘ মাহত গুটি সিঁচা গোমধান সমূহ জেঠ-আহাৰ মাহত আৰু ভাদ-আহিন মাহত গুটি সিঁচা গোমধান সমূহ ফাগুন মাহত উঠোৱা হয়।মুঠতে এবাৰ বাৰিষাৰ আগত আৰু এবাৰ বাৰিষাৰ পাছত এই খেতি কৰা হয় চৰ সমূহত।

নগাওঁ জিলাৰ লগতে শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰবিল,ম’হখুঁটি,লহৰী,বিশখুঁটি লাঠিয়ামাৰী,গাইটাপো,বিন্দ্ৰে,বিচ্ছে,কুট্টামাৰী,তিনিটিকীয়া, নতুন বিন্দ্ৰে,বৰৈশালী গেৰেটাপো,মুছলিম টাপো,বিশখুটি,ডুৱৰামাৰী,মাইছবালি,কালাটাপো,কাট্টিমাৰী,কমলসুঁতি, দুই নম্বৰ কান্ধুলিমাৰী চৰ,উধানতলা প্ৰমুখ্যে অগনন চৰৰ হেজাৰ হেজাৰ বিঘা মাটিত এইবাৰো শ শ কৃষকে গোমধানৰ খেতি কৰিছে।

অলেখ প্ৰতিবন্ধকতাকো নেওচি চৰৰ কৃষক সকলে গাইপতি ছয়-সাত বিঘাৰ পৰা এশ বিঘা মাটি পৰ্যন্ত গোমধানৰ খেতি কৰিছে। যিহেতু গ্ৰীষ্মকালত চৰত আহুধান,মৰাপাটৰ বাদে আন একো খেতি কৰিব পৰা নাযায় আৰু সেই দুবিধ খেতিত বেছি লাভ নহয় সেয়েহে চৰৰ কৃষক ৰাইজে ব্যৱসায়িক ভিত্তিত গোমধানৰ খেতি কৰিবলৈ লয়।

লগতে গোমধানৰ খেতি কৰি তেওঁ লোক যথেষ্ট লাভৱান হোৱা বুলিও তিনিটিকীয়া চৰৰ আছাদুল্লা,জহিৰুল,জাকিৰ হুছেইন,হবিবুৰ ৰহমান,ইমান আলী ,মাইছবালি চৰৰ জামালুদ্দিন,ছফিকুল ইছলাম আৰু দুই নম্বৰ কান্ধুলিমাৰী চৰৰ মন্নাছ আলীয়ে জানিবলৈ দিয়ে।

চৰৰ কৃষক সকলে জনোৱা মতে, তেওঁলোকৰ খেতিৰ গোমধান সমূহ পুৰঠ হৈ ৰঙচুৱা বৰণ লোৱাৰ সময়তে প্ৰতি জোপা গোমধানৰ আগ কাটি দিয়া হয়।বহুতেই পুৰঠ গোমধানৰ বাকলি বোৰো আধা এৰুৱাই দিয়ে যাতে গছতে গোমধানবোৰ শুকাই যায়। গোমধান বোৰ গছতে আধা শুকুৱাৰ পাছত কৃষক সকলে সেইবোৰ উঠাই আনি মৰণামৰা ক্ৰেচাৰ মেচিনত দি গুটি বোৰ ওলিয়াই বস্তাত ভৰাই সেইবোৰ বিক্ৰীৰ বাবে সাজু কৰে।

নগাওঁ আৰু শোণিতপুৰ জিলাৰ চৰ সমূহত প্ৰতি বিঘা মাটিত ২০মোন পৰ্যন্ত গোমধান ওলায় বুলি কৃষক সকলে জানিবলৈ দিয়ে। উল্লেখ্য যে,ধিং চহৰৰ পাৰ্শ্বৱৰ্তী সমবায় অফিচ চাৰিআলীত গোমধান বিক্ৰীৰ এক বৃহৎ পাইকাৰী বজাৰ গঢ়ি উঠিছে।এই বজাৰলৈকে ১০-১৫কিলোমিটাৰ নিলগৰ চৰৰ কৃষকে বিভিন্ন বাহনৰ সহায়ত গোমধান সমূহ কঢ়িয়াই আনি বিক্ৰী কৰে।

এনে গোমধানৰ বজাৰ খনত পাইকাৰী দাম প্ৰতি কুইন্টলত ১২-১৩শ টকাৰ পৰা ১৪শটকা পৰ্যন্ত বুলি জানিব পৰা গৈছে।গোমধান খেতি কৰিয়েই এতিয়া নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন চৰৰ কৃষক সকলে একোটা ঋতুত অতি কমেও ২৬হেজাৰ টকাৰ পৰা চাৰি-পাঁচ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

যাতায়ত, বিদ্যুৎ, জলসিঞ্চন আদিৰ লগতে বজাৰৰ কোনো ব্যৱস্থা নথকা চৰৰ ৰাইজে হেজাৰ প্ৰতিবন্ধকতাকো উপেক্ষা কৰি কঠোৰ শ্ৰম আৰু একাগ্ৰতাৰ বলত এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে।চৰৰ শুকাণ বালিত নিজেই জলসিঞ্চনৰ ব্যৱস্থা কৰি বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানদণ্ডৰ গোমধান খেতি কৰি টনকিয়াল কৰিছে জিলা দুখনৰ কৃষি অৰ্থনীতি।

লগতে নিজেও আৰ্থিক ভাৱে স্বচ্ছল হোৱা পৰিলক্ষিত হৈছে।চৰৰ শুকাণ বালিতো যে বুটলিব জানিলে ধন পৰি আছে সেই কথা প্ৰতীয়মান কৰিছে নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন চৰৰ কৰ্মঠ কৃষক সকলে। এইবাৰ এই চৰ সমূহৰ গোমধানৰ খেতিয়ক সকলৰ সপোনত কিছু আউল লগাইছে কিছুদিন পূৰ্বে অহা এজাক প্ৰচণ্ড শিল বৰষুণে।

কিয়নো সেই শিল বৰষুণত গোমধান খেতি সমূহৰ বিস্তৰ ক্ষতি সাধন হয়।সেয়েহে পূৰ্বৰ তুলনাত এইবাৰ গোমধানৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে। নগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন চৰৰ শ শ কৃষকে হেজাৰ হেজাৰ বিঘা মাটিত গোমধানৰ খেতি কৰি দূৰ দিগন্ত ব্যাপী পথাৰ শ্যামলী কৰিছে যদিও তেওঁ লোকক উৎসাহিত কৰিবলৈ আগবাঢ়ি যোৱা নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহ।

Exit mobile version