Indonesia : পবিত্ৰ গছৰ তলত নগ্ন হৈ ফটো ! সংস্কৃতিৰ অপমানৰ অভিযোগত বহিস্কাৰ দম্পতী

1651915571 alina

ইণ্ডোনেছিয়াৰ বালিত ভ্ৰমণ কৰিব গৈ বিপদত ৰুছ দম্পতী ।বালিৰ তাবানান জিলাৰ ৭০০বছৰৰ পুৰণি এজোপা বট গছৰ তলত নগ্ন ছবি তোলাৰ অভিযোগ উঠিলে দম্পতীৰ বিৰুদ্ধে ।

সেই ফটোখন সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পাছতে আৰম্ভ হয় স্থানীয় ৰাইজৰ ক্ষোভ । তীব্ৰ চাপৰ মুখত পৰি প্ৰশাসনে অৱশেষত দম্পতীহালক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে । কেৱল সেয়াই নহয়, ইণ্ডোনেছিয়াতো তেওঁলোকক ছয় মাহৰ বাবে নিষিদ্ধ কৰা হৈছে ।

এলিনা ফাজলিয়েভা নামৰ এগৰাকী ৰাছিয়ান মহিলাৰ হেজাৰ হেজাৰ ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ আছে। স্বামী এন্ড্ৰিৰ স’তে বালিত ফুৰিবলৈ গৈছিল তেওঁ । ৭০০ বছৰ পুৰণি বট গছৰ তলত উলংগ হৈ থিয় হৈ ফটো প’জ দিছিল তেওঁ আৰু ফটোখন তুলি দিছিল তেওঁৰ স্বামীয়ে ।

গছজোপাক স্থানীয় লোকে “পবিত্ৰ” বুলি গণ্য কৰে। কেৱল সেয়াই নহয়, এই গছজোপা বালিৰ কিছুমান সম্প্ৰদায়ৰ সংস্কৃতিৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত।

অভিযোগ , দম্পতীহালে এই ‘পবিত্ৰ’ গছৰ তলত উলংগ হৈ ফটো তুলি সংস্কৃতিক অপমান কৰিছে। বিষয়টো কথা শুনিয়ে তৎপৰ হয় প্ৰশাসন। তাৰ পাছতে দম্পতীহালক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হয়।

বালিৰ ৰাজ্যপাল ৱান কষ্টাৰে জনাইছে যে য’ত ধৰ্মীয় আৱেগ আৰু সংস্কৃতি জড়িত আছে তাত এনে কোনো কাৰ্য সহ্য কৰা নহ’ব । বিষয়টো জানি অনুতপ্ত এলিনা । তেওঁ ইনষ্টাগ্ৰামত তেওঁৰ কামৰ বাবে ক্ষমাও বিচাৰিছে।

Exit mobile version