Rape:এই দৰে মোক ধৰ্ষণ কৰিছে বাবাই ! ভিডিঅ’ পোষ্ট কৰি ন্যায় বিচাৰিলে তৰুণীয়ে

1651901966 father

নিজৰ কন্যাক ধৰ্ষণ কৰি ভাবুকি পিতৃৰ-এই কথা যাতে কাৰো কাণত নপৰে । কিন্তু তেওঁ নাজানিছিল যে তেতিয়ালৈকে তেওঁৰ অপকৰ্মবোৰ গোপন কেমেৰাত বন্দী কৰিছিল কন্যাই।

ইয়াৰ পাছত,কন্যাই তেওঁক কৰা ধৰ্ষণৰ ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰি নিজৰ পিতৃৰ প্ৰকৃত ৰূপ প্ৰকাশ কৰে।লগতে ন্যায় বিচাৰি দাবীও জনাই।

ঘটনাটো সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰত । সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টো দেখি অভিযুক্তজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

১৮ বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকীয়ে তেওঁৰ দেউতাকৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে জনায় যে গ্ৰেপ্তাৰ কৰা ব্যক্তিজন পেছাত এজন শিক্ষক। সমস্তিপুৰৰ ৰোজেৰাৰ বাসিন্দা।

ৰোচেৰাৰ উপ-বিভাগীয় আৰক্ষী বিষয়া শ্বাহিয়াৰ আখটাৰে কয়, “সামাজিক মাধ্যমৰ জৰিয়তে পোষ্ট আৰু ভিডিঅ’টো চোৱাৰ পাছত, আমি প্ৰথমে এটা স্বতঃপ্ৰণোদিত অভিযোগ দাখিল কৰিছিলো আৰু অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিলো। তেওঁৰ ছোৱালীয়েও লিখিত ভাৱে ধৰ্ষণৰ কথা জনাইছিল।”

শ্বাহিয়াৰে দাবী ভুক্তভোগীৰ মাক আৰু মামায়েকেও ঘটনাটোৰ বিষয়ে অৱগত আছিল। কিন্তু অভিযুক্তজনৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পৰিৱৰ্তে, তেওঁ ভুক্তভোগীজনক ঘটনাটো গোপন ৰাখিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

Exit mobile version