Taliban :তালিবানৰ ‘ উদাৰনীতি’,এইবাৰ মহিলাসকলক বাধ্যতামূলক ভাৱে বোৰ্খা পৰিধান কৰাৰ ফতোৱা

1651915009 taliban

হিজাব নচলিব । ৰাজহুৱাভাৱে পৰিধান কৰিব লাগিব বোৰ্খা । এক নতুন ফতোয়াত, আফগানিস্তানৰ মহিলাক এই কথা জনালে তালিবানে । ঘোষণাপত্ৰ জাৰি কৰি তালিবানৰ সৰ্বোচ্চ নেতা হিবাতুল্লা আখুন্দজাদাই কয়, “আফগান মহিলাসকলে পৰম্পৰাগত চাদৰি পিন্ধিব লাগে (মূৰৰ পৰা ভৰিলৈকে ঢাকি ৰখা বোৰ্খা)। পৰিধান কৰা উচিত। কিয়নো সেইটোৱেই তেওঁলোকৰ সন্মানৰ স’তে খাপ খায়। ‘

আনকি ,পুৰুষ আত্মীয়সকলৰ সন্মুখলৈ অহাৰ সময়ত আফগান নাৰীসকলে শৰিয়াত অনুসৰি মুখ ঢাকিবলৈ নিৰ্দেশ দিছে তালিবানৰ সৰ্বোচ্চ নেতা। অৱশ্যে, তেওঁ এই ক্ষেত্ৰত বৃদ্ধ মহিলা আৰু শিশুসকলক ৰেহাই দিছে। একে সময়তে, আখুন্দজাদাৰ ‘পৰামৰ্শ’, ‘যদি বাহিৰত কোনো গুৰুত্বপূৰ্ণ কাম নাথাকে, তেন্তে মহিলাসকলে ঘৰত থকাটোৱে ভাল।’ ‘

প্ৰসংগত বিগত আগষ্টত তালিবানৰ কাবুল দখলৰ পাছত সংগঠনটোৰ আন্তঃৰাষ্ট্ৰীয় মুখপাত্ৰ সুহাইল শ্বাহিনে কাটাৰৰ দোহাত এখন সংবাদমেলত কয় যে অতীতৰ দৰে বোৰ্খা কঠোৰ কৰা নহ’ব। তেওঁ কয়, “বোৰ্খা একমাত্ৰ আৱৰণ নহয়। তাৰ বাহিৰেও আন প্ৰকাৰৰ হিজাবও আছে।

ইয়াৰ আগতে, ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ পূৰ্বৰ তালিবান শাসনকালত আফগানিস্তানৰ ছোৱালীৰ বিদ্যালয় সমূহ বন্ধ আছিল। মহিলাসকলে কাম কৰা আৰু ভ্ৰমণ কৰাটোও নিষিদ্ধ আছিল।

সম্পূৰ্ণ শৰীৰটো ঢাকি ৰাখি বোৰ্খা পৰিধান কৰিহে বাহিৰলৈ যাব পাৰে। ভৰি ঢাকি থোৱা আৰু মুখখন পাতল কাপোৰৰ আৱৰণেৰে ঢাকি ৰখা পোছাকটোক বোৰ্খা বুলি কোৱা হয়। কেৱল কান্ধ, ডিঙি আৰু মুৰ কাপোৰত ঢাকি ৰখা হয় যাক হিজাব বুলি কোৱা হয়।

যেতিয়া দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছিল, তালিবানে বিশ্বক প্ৰতিশ্ৰুতি দিছিল যে ই যোৱা বাৰতকৈ অধিক “উদাৰ” নীতিৰে দেশখন শাসন কৰিব। কিন্তু সময় যোৱাৰ লগে লগে, প্ৰকৃত ছবিখন লাহে লাহে বিশ্বৰ সন্মুখত উন্মোচিত হৈছে। চৰকাৰ গঠনহোৱাৰ পিছতে ছোৱালীবোৰ বিদ্যালয়লৈ যোৱাত কিছু কিছু নিষেধাজ্ঞা আহি পৰিছে।

মহিলাসকলেও চৰকাৰী চাকৰি পৰা বাদ পৰিছে। যোৱা সপ্তাহত, হেৰাটকে ধৰি কে’বাখনো প্ৰদেশৰ তালিবান চৰকাৰে মহিলাসকলক গাড়ী চলোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

Exit mobile version