আবাসীক অঞ্চলত ধানৰ মিল : জনস্বাস্থ্যৰ প্ৰতি ভাবুকি

মিল বন্ধৰ দাবী অঞ্চলবাসীৰ

হোজাইৰ পৌৰসভাৰ ১৪ নং ৱাৰ্ডত এটা ধানৰ মিল স্থাপনক লৈ সোচ্চাৰ হৈ পৰিছে সেই অঞ্চলৰ ৰাইজ । সাহা পট্টী অঞ্চলৰ বাসিন্দাসকলক আভুৱা ভৰি ৰতন কয়াল নামৰ ব্যৱসায়ীজনে মহিলাৰ নামত হোজাই চহৰৰ মাজ মজিয়াৰ আবাসীক অঞ্চলত ৰাণী সতী ইণ্ডাষ্ট্ৰী নামেৰে এই মিলটো স্থাপন কৰে । দীৰ্ঘদিন বন্ধ হৈ থকা মৰুতী ইণ্ডাষ্ট্ৰিক নতুন নামাকৰনেৰে এই মিলটো স্থাপন কৰে ।

বিগত বৰ্ষৰ পৰা স্থানীয় ৰাইজে বহু আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত আজি এক সংবাদ মেলযোগে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ আহ্বান জনাইছে । সংবাদ মেলত বিশিষ্ট সমাজকর্মী তথা ব্যৱসায়ী প্ৰভাত কয়ালে অভিযোগ কৰে যে, স্থানীয় ৰাইজক এবাৰ উৱেৰ হাউচ বনাব, এবাৰ প্ৰসুষণ মুক্ত মিল বহাব, এবাৰ ভাই ককাইৰ মাজত মাটি ভাগ বটৰুৱা হ’ব বুলি ভুৱা কথাৰে স্থানীয় ৰাইজৰ পৰা এন অ’ চিত চহী কৰাই প্ৰচণ্ড শব্দ আৰু ধূলি বালিৰে প্ৰদূষণৰ সৃষ্টি কৰা মিল বহুৱাই মুনাফা লুটি থকাৰ লগতে সেই অঞ্চলৰ হৃদৰোগৰ লগতে অন্যান্য ৰোগীসকলৰ বাবে মৃত্যৰ ভাবুকি কঢ়িয়াই আনিছে ।

এই সন্দৰ্ভত পূৰ্বতে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, জিলা উপায়ুক্ত, বনমন্ত্ৰী আদিলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইবাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি উপযুক্ত বিষয়াৰ হতুৱাই তদন্ত কৰি জন স্বাস্থ্যৰ বাবে ভাবুকি সৃষ্টি কৰা এই শব্দ আৰু ধূলি-বালি প্ৰদূষণ সৃষ্টি কৰা মিলটো বন্ধৰ দাবী জনাইছে । সমাজকর্মী তথা ব্যৱসায়ীজনে ৰতন কয়াল নামৰ কেৱল ধনকে চিনি পোৱা ব্যৱসায়ীজনে নিজৰ বিদ্যুতৰ নিৰীখ কমোৱাৰ স্বাৰ্থত নিশা মিল চলাই শব্দ প্ৰদূষণ সৃষ্টি কৰি সৰ্বসাধাৰণ লোকক হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । তেওঁ ভাৰতীয় খাদ্য নিগমে এই মিলত ধন মিলিং কৰি আহিছে ।

সংবাদমেলত ভাৰতীয় খাদ্য নিগমৰ উৰ্ধতন কৰ্তৃপক্ষক জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই মিলত ধন মিলিং নকৰিবলৈ কৰ জোৰে আহ্বান জনায় ।

Exit mobile version