কাৰ্বি আংলঙত বিদ্ৰোহী সংগঠন AALNA ৰ আত্মসমৰ্পণ

বোকাজান আৰক্ষী থানাত অস্ত্ৰসহ আত্মসমৰ্পণ AALNAৰ। মূলসুঁতিলৈ ঘূৰি আহে বিদ্ৰোহী সংগঠনটোৰ ১৩ জনকৈ সদস্যই। অসম আৰক্ষীৰ DIG সত্যৰাজ হাজৰিকা, কাৰ্বি আংলং আৰক্ষী অধীক্ষক পুস্পৰাজ সিং আৰু অসম ৰাইফলচ ব্ৰিগেদিয়াৰ শশীন্দৰ তিৱাৰীৰ উপস্থিতত অস্ত্ৰ সম্বৰণ কৰে সংগঠনটোৱে।

কাৰ্বি আংলং আৰক্ষী আৰু অসম ৰাইফলচ সহযোগত বিদ্ৰোহী সংগঠনটোক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হয়। ২০১২ চনতে উগ্ৰপন্থী সংগঠনটোৱে আত্মসমৰ্পণ কৰিছিল যদিও তাৰে এটা দল ভাগ হৈ পৰিছিল।

আজি আলনাৰ সকলো সদস্যই আনুষ্ঠানিকভাৱে সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰে। চাৰিটা AK-47, পাঁচটা পিষ্টল আৰু ৩৬ টা সজীৱ গুলি জমা দিয়ে সংগঠনটোৰ সদস্য কেইজনে।

Exit mobile version