কৰণ জোহৰ ছবিৰ বিতর্ক বাদ পৰাৰ এবছৰৰ পাছত মুখ খুলিলে কার্তিকে

kartik sept 9

কৰণ জোহৰ প্রযােজিত ছবি ‘দোস্তানা ২ ৰ পৰা আকস্মিকভাৱে বাদ পৰিছিল কার্তিক আৰিয়ান। নৱ প্রজন্মৰ ‘হার্ট থ্র’ব’জনক এইদৰে ছবিৰ পৰা বাদ দিয়াৰ কোনাে কাৰণ সদৰী কৰা নাছিল কৰণে। কেৱল এক বিবৃতিযােগে কৰণৰ সংস্থা ধৰ্মা প্ৰডাকচ্ছনে জনাইছিল যে ছবিখন নির্মাণ হ’ব আৰু ইয়াৰ বাবে অভিনেতাসকলক নতুনকৈ নির্বাচন কৰা হৈছে।

সেই ঘটনাক কেন্দ্ৰ কৰি প্ৰচুৰ বিতর্কৰাে দৃষ্টি হৈছিল। বহুতে আনকি সুশান্ত সিং ৰাজপুতৰ প্ৰসংগ টানি লৈ বলিউদৰ স্বজন-তােষণৰ বিতৰ্কক পুনৰ জাগ্রত কৰিছিল। কৰণৰ বিৰুদ্ধে পুনৰ লবী সংক্রান্তীয় অভিযােগ উঠিছিল।

কার্তিক ছবি উদ্যোগটোৰ ৰাজনীতিৰ বলি হােৱা বুলিও বহুতে অভিযােগ কৰিছিল। কিয়নাে কার্তিকো সুশান্তৰ দৰেই বলিউদৰ বাহিৰৰ পৰা অহা কোনাে তাৰকাৰ সন্তান নহয়। বলিউদৰ পাৰিবাৰিক পৰিচিতিও নাই। গতিকে বলিউদৰ নির্দিষ্ট লবীৰ মানুহে তেওঁক ভাল ছবি কৰিবলৈ দিয়া নাই।

সেই বাবেই কৰণৰ ছবিৰ পৰা সুদর্শন নায়কজন বাদ পৰিবলগীয়া হ’ল বুলিও অভিযােগ উঠিছিল। অৱশ্যে এই প্রবল বিতৰ্কত কার্তিকে নীৰৱতাই অৱলম্বন কৰিছিল। ছবিখনৰ পৰা বাদ পৰাৰ প্ৰসংগত তেওঁ কাকো একো কথা কোৱা নাছিল। অথচ কৰণৰ ছবিৰ পৰা বাদ পৰি কার্তিকৰ কেৰিয়াৰত দাগ লাগিল নেকি?

সম্পূর্ণ এটা বছৰৰ পাছত সেই বিতর্কৰ প্ৰসংগত মুখ খুলিছে কার্তিকে। নিজৰ নতুন ছবি ‘ভুল ভুলাইয়া ২’ৰ প্ৰচাৰত অংশ লােৱাৰ সময়ত কার্তিকে সাংবাদিকৰ আগত কয়, ‘এটা সৰু বিষয়ক অনাহকত ডাঙৰ কৰা হৈছে। সেই সময়ত মই এইবােৰ একো নাভাবি কেৱল নিজৰ কামত মন দিছিলাে। কাৰাে হাতত ইমান সময়াে নাই।

কিয় বাদ পৰিলাে সেয়া ভাবি থাকি লাভ নাই। প্রত্যেকেই ভাল কাম কৰিব বিচাৰে। সেয়াই আচল কথা। বাকী সকলােবােৰ কেৱল গুজৱ। ‘তথাপি অৱশ্যে এটা প্রশ্ন থাকিয়েই গ’ল। সেয়া যদি কেৱল গুজৱহে আছিল, তেন্তে সেই কথা কোৱাৰ বাবে কার্তিকৰ কিয় এবছৰ লাগিল ?

Exit mobile version