গোসাঁইগাঁৱত টোল টেক্সৰ নামত বৃহৎ ছেণ্ডিকেট

প্ৰতিখন বাহনৰ পৰা গোসাঁইগাঁও পৌৰসভাৰ ধন সংগ্ৰহ, ক্ষুব্ধ গাড়ীচালক

86fa9d92 412a 4fd8 8ba1 ffe8192ab9ba

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক জলাকলা দিয়াৰ সময়তে গোসাঁইগাঁও পৌৰসভাই প্ৰতিখন যানবাহনৰ পৰা নিৰ্দিষ্ট হাৰত টোল টেক্স লোৱাৰ অভিযোগ উঠিছে । গোসাঁইগাঁও সদৰ চহৰত প্ৰৱেশ কৰা প্ৰতিখন বাহনে নিৰ্দিষ্ট হাৰত ধন আদায় দিব লগা হৈছে ।

পৌৰসভাৰ পৰা টেণ্ডাৰ লোৱা এটা চক্ৰই চহৰখনৰ চৌদিশে বাঁহৰ গেট সাজি ধন আদায় লোৱাৰ ঘটনাই টটো, অটো আৰু অনান্য গাড়ীচালকসকলৰ চকু কপালত উঠাইছে । যাৰ ফলত ঋন লৈ গাড়ী নিয়াৰ পাছত এই ধন পৰিশোধ কৰিবলৈ অক্ষম হৈ পৰিছে গাড়ীচালকসকল । চৰকাৰে এই টোল টেক্স নলৈ ৰাজপথত গুলিয়াই মাৰক বুলি ক্ষোভ গাড়ীচালকৰ ।

গোসাঁইগাঁও পৌৰসভাৰ টোল টেক্স সংগ্ৰহক লৈ গাড়ীচালকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও বিটিচিৰ নগৰ উন্নয়নৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্যগৰাকী কুম্ভকর্ণ নিদ্ৰাত থকাৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি হৈছে ।

Exit mobile version