ছয়গাঁৱৰ গৰৈমাৰীত গ্ৰেপ্তাৰ ধর্ষণকাৰী

এপ্ৰিলত ছয়গাঁৱৰ গৰৈমাৰীত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি গৰৈমাৰীৰ ৰাজপথত অচেতন অৱস্থাত পেলাই থৈ যোৱা মুল ধৰ্ষণকাৰীক নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তথ্য অনুসৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কিশোৰী ধৰ্ষণকাৰীৰ নাম ৰবিউল হুছেইন । কিশোৰী ধৰ্ষণকাৰীৰ ঘৰ গৰৈমাৰীৰ গোস্বামী কলনীত।

নৱম শ্ৰেণীত পাঠদান কৰা কিশোৰী গৰাকীক ৰবিউল হুছেইন নামৰ পাষণ্ডই দিন দুপৰতে এটা গৃহৰ ভিতৰত আৱদ্ধ কৰি জোৰজুলুম কৰি অনৈতিক কৰ্মকাণ্ড কৰি কিশোৰী গৰাকীক অৱশেষত সন্ধিয়া সময়ত অচেতন অৱস্থাত গৰৈমাৰীৰ ৰাজপথত পেলাই থৈ যায়।

পাছত পথচাৰী লোকে মূহুৰ্ত অৱস্থাত প্ৰত্যক্ষ কৰি কিশোৰীগৰাকীক লগে লগে গৰৈমাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। কিশোৰীগৰাকীৰ অৱস্থা অতিকৈ সংকটজনক হোৱাত লগে লগে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

তথ্য অনুসৰি সম্প্ৰতি ধৰ্ষিতা কিশোৰীগৰাকীয়ে আজি জি এম চি এইচত মৃত্যুৰ স’তে যুঁজি আছে । ইফালে গৰৈমাৰী আৰক্ষীয়ে ধৰ্ষণকাৰী পাষণ্ড ৰবিউল হুছেইনক জেৰা অব্যাহত ৰাখিছে।

এতিয়া প্ৰশ্ন হ’ল কিশোৰীগৰাকীক ধৰ্ষণ কৰা পাষণ্ডৰ বিৰুদ্ধে আৰক্ষীৰ প্ৰশাসনে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব। সেয়া এক লক্ষণীয় বিষয় হৈ পৰিছে।

Exit mobile version