বেঁকী নদীৰ গৰাখহনীয়াৰ কবলত ৰাজ্যিক ঘাইপথ

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখীন হৈছে আমিন গাওঁ ভায়া দৌলাশাল হৈ লেংটিছিঙালৈ যোৱা ৰাজ্যিক ঘাইপথ।

পথছোৱাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰত অৰ্ধেক অংশ ইতিমধ্যে নদীৰ বুকুত জাঁহ গৈছে। সমন্তৰাল ভাৱে ৰাজ্যিক ঘাইপথৰ পৰা আমগুৰি হৈ কলগাছিয়ালৈ যোৱা গড়কাপ্তানি পথছোৱাৰ এক তৃতীয়াংশ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে।

যোৱা বাৰিষাৰ পৰাই শওঁপুৰৰ পৰা আমগুৰি হৈ কলগাছিয়ালৈ যোৱা গড়কাপ্তানি পথছোৱা গৰাখহনীয়াৰ কবলত পৰিছে যদিও খৰালি কালত পথছোৱা ৰক্ষাৰ্থে চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধি সকলক প্ৰতিৰোধমূলক কাম কৰা পৰিলক্ষিত হোৱা নাই।

ফলত স্থানীয় জনপ্ৰতিনিধৰ লগতে চৰকাৰৰ ওপৰত ৰাইজক ক্ষোভিত হোৱা দেখা গৈছে। গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে বহুতৰে ঘৰ নৈৰ বুকুত জাহ গৈছে আৰু বহুত ঘৰ জাহ যোৱাৰ উপক্ৰম হৈছে।

অতি শীঘ্ৰেই গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে।

Exit mobile version