সোনাৰু-এজাৰৰ হেজাৰ পাহিৰে সুশোভিত কলিয়াবৰৰ নিৰ্জনতাৰ সেউজভুমি

কাজিৰঙালৈ যোৱা ৩৭ নম্বৰ ঘাইপথছোৱাৰ দুয়োকাষে এতিয়া ভিন্নৰঙী ফুলৰ সমাহাৰ

1651647285476

অশান্ত সময়ত নিৰাশাবাদক পৰাজিত কৰি আশাবাদৰ সঞ্চাৰৰে মানুহৰ মন জীপাল কৰাৰ এক যেন সপোন ৰচিছে প্ৰকৃতিয়ে৷ খেয়ালী প্ৰকৃতিয়ে সপোন ৰচিছে কলিয়াবৰৰ নিৰ্মল আকাশত৷ ৰং-বিৰঙৰ ফুলেৰে ভৰিছে আকাশ৷ নীলা আকাশত যেন ফুল বাচিছে প্ৰকৃতিয়ে৷ পৰিবেশে সৃষ্টি কৰা উদ্বেগ, সংশয়, সন্দেহৰ মাজতে যেন প্ৰকৃতিয়ে মানুহৰ মনলৈ আনিছে আশাৰঞ্জক বতৰা৷

কলিয়াবৰৰ সেউজ প্ৰকৃতি এতিয়া ফুলেৰে জাতিষ্কাৰ৷ চৌদিশে বহিছে নানাৰঙী ফুলৰ মেলা৷ একপ্ৰকাৰ নিৰাশবাদে গা কৰি উঠা মানুহৰ মনত কিছু প্ৰশান্তি বিয়পাই জীৱনত আশাৰ সঞ্চাৰ কৰিবৰ বাবেই যেন নিৰৱে সাজিকাচি ওলাইছে নিৰ্মল প্ৰকৃতি। আকাশ ভৰি ফুলা কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰৰ হেজাৰ হেজাৰ পাঁহিয়ে ৰঙীণ কৰি তুলিছে এই বিচিত্ৰ ধৰাৰ বক্ষ।

প্ৰকৃতিৰ এই ৰঙে ক্ষণিকৰ বাবে হ’লেও প্ৰশান্তিময় কৰি তুলিছে প্ৰতিকুল সময়ত জৰ্জৰিত মানুহৰ মনবোৰক৷ অতি সংগোপনে ৰং সলনি হৈছে খেয়ালী প্ৰকৃতিৰ। সোণাৰু, এজাৰ , কৃষ্ণচূড়া, ৰাধাচূড়াৰ হাঁহিৰে ৰঙীন হৈছে ধৰাৰ বুকু। প্ৰকৃতিৰ ৰঙা-হালধীয়া- বেঙুনীয়াৰে চৌদিশে মায়াময় হৈ পৰিছে কলিয়াবৰত৷ সলনি হৈছে ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাজপথৰ মন মতলীয়া পৰিৱেশ।

চৌপাশে ৰং বিৰঙৰ ফুল৷ চাৰিওফালে বিভিন্ন কাৰকে ক্ৰীয়া কৰি গঢ়ি তোলা প্ৰতিকুল সময়ৰ মাজতে ভাৰাক্ৰান্ত মনবোৰক কিছু হ’লেও প্ৰশান্তি দিছে প্ৰকৃতিৰ এই ৰঙে। এতিয়া এজাৰ ফুলাৰ বতৰ। বেজাৰ লগাব’লৈ নহয়, মনৰ অৱসাদ আঁতৰাবলৈকে যেন এতিয়া কলিয়াবৰৰ আকাশত গছ ভৰি ফুলি উঠিছে এজাৰৰ হেজাৰ পাঁহি। এজাৰৰ ৰঙেৰে বেঙুনীয়া হৈ পৰিছে আকাশ। এজাৰৰ সমানে ফুলিছে সোণাৰুও।

বাৰিষা আৰম্ভণিৰ সেমেকা পৰিৱেশতো জিলিকিছে সোণাৰুৰ হালধীয়া হাঁহি। ইফালে বসন্তৰ পৰশ লাগি আকাশ ৰঙাই চৌদিশে ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়াৰ ফুল। তল সৰা ফুলে পাতি দিছে যেন ৰঙৰ দলিছা। ফুলৰ মেলাৰ এই ৰংবিৰঙী দৃশ্য এতিয়া সুলভ হৈ পৰিছে কলিয়াবৰৰ। কলিয়াবৰৰ পৰা কাজিৰঙালৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথচোৱাৰ দুয়োকাষে এতিয়া দেখিবলৈ পোৱা গৈছে ভিন্ন ৰঙী ফুলৰ সমাহাৰ।

পথৰ দুয়ো কাষে ফুলি উঠা কৃষ্ণচূড়া, ৰাধা চূড়া, এজাৰ, সোণাৰুৰ ফুলে ভৰাই তুলিছে পথাচাৰীৰ মন। একেদৰে কৃষ্ণচূড়াৰ ৰঙীন আৱেশেৰে মায়াময় হৈ উঠিছে ’লিমকা বুক অৱ ৰেকৰ্ড’ত দিনটোৰ চৌব্বিশ ঘণ্টাই সংগীতৰ মুৰ্চনা তোলা দুৱাৰবিহীন জখলাবন্ধা চহৰ। চৌদিশে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ সন্মুখে সন্মুখে ফুলি উঠা কৃষ্ণচূড়াৰ ফুলে ৰঙীন কৰি তুলিছে জখলাবন্ধাক। পথৰ দুয়োকাষ ভৰি ফুলিছে বতৰৰ ফুল।

প্ৰকৃতিৰ এই মায়াময় ৰূপে ক্ষণিকৰ বাবে হ’লেও আশাৰ বতৰা কঢ়িয়াই আনিছে প্ৰতিকুল সময়ৰ অভিজ্ঞতাৰে ভাৰাক্ৰান্ত মানুহৰ মনবোৰ। বসন্ত আৰু বৰষাৰ সন্ধিক্ষণত এয়া যেন সময় সৃষ্টিৰ সম্ভাৱনাৰ। এজাৰ-সোণাৰু, কৃষ্ণচূড়া-ৰাধাচূড়াৰ ফুলে আশাবাদী মানুহৰ মনলৈ কঢ়িয়াই আনিছে সৃষ্টিৰ বতৰা। প্ৰকৃতিৰ এই মায়াসনা ৰূপতে সৃষ্টি হৈছে বহু কালজয়ী গীত-কবিতা-কথকতা৷

চৌদিশে ক’ৰনা ভাইৰাছ জনিত আতংকময় পৰিৱেশৰ প্ৰায় অৱসান ঘটাৰ পাছত এতিয়া গছ ভৰি ফুলি উঠা এজাৰ-সোণাৰু, কৃষ্ণচূড়া -ৰাধাচূড়াৰ ফুলে ৰঙীন কৰি তুলিছে মানুহৰ মন। আতংকৰ মাজতো ক্ষণিকৰ বাবে হ’লেও দুঃসময়ৰে ভাৰাক্ৰান্ত মনক প্ৰশান্তি দিছে প্ৰকৃতিৰ এই মায়াময় ৰূপে। অশান্ত সময়ত প্ৰশান্তিৰ ৰং বিলাই সাজিকাচি ওলোৱা প্ৰকৃতিৰ মাজত বিলিন হওঁ আহক আমি সকলো৷

Exit mobile version