হু-ৰ ক’ভিড মৃত্যু তথ্যত বিস্তৰ আসোঁৱাহ, ভাৰতৰ পাছত এইবাৰ দাবী পাকিস্তানৰ

AP21184566664117

ভাৰতৰে পথ অৱলম্বন কৰিলে পাকিস্তানে (Pakistan) । ক’ভিডত মৃত্যু সংক্রান্তত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্যক লৈ প্রশ্ন তুলিলে ইছলামাবাদে । তেওঁলোকৰ দাবী, WHO-ৰ তথ্য সংগ্রহ প্রক্রিয়াত আসোঁৱাহ আছে । ইতিপূর্বে একেই অভিযোগ কৰিছিল নতুন দিল্লীয়েও ।

বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা তথ্য অনুযায়ী, কৰ’না (Corona Virus) সংক্রমণ বা মৃত্যু সংক্রান্ত যি পৰিসংখ্যা বিভিন্ন দেশে প্রকাশ কৰিছে সেয়া ভুৱা । তেওঁলোকৰ দাবী, বিগত দুবছৰত কৰ’নাত আক্রান্ত হৈ অথবা অতিমাৰীৰ (Pandemic) প্রভাৱত বিশ্বজুৰি ডেৰ কোটি মানুহৰ মৃত্যু হৈছে । যি দক্ষিণ পূৱ এছিয়া, আমেৰিকা, ইউৰোপৰ দেশসমূহে দিয়া তথ্যতকৈ বহু বেছি । কিন্তু একাধিক দেশে তেওঁলোকৰ এই দাবী খাৰিজ কৰিছে । এইবাৰ সেই তালিকাত জড়িত হ’ল পাকিস্তানৰো নাম ।

ইছলামাবাদে দিয়া তথ্য অনুযায়ী, পাকিস্তানত কৰ’নাত আক্রান্ত হৈছিল ১৫ লাখ লোক । মৃত্যু হৈছিল ৩০ হেজাৰ ৩৬৯ জনৰ । কিন্তু WHO-ৰ মতে, কৰ’না (COVID-19) আক্রান্ত হৈ পাকিস্তানত মৃত্যু হৈছে দুই লাখ ৬০ হেজাৰজনৰ । দেশৰ প্রশাসনে এই তথ্য খাৰিজ কৰিছে । এই প্রসংগত পাকিস্তানৰ স্বাস্থ্যমন্ত্রী আব্দুল কাদিৰ পেটেলে এক স্থানীয় সংবাদমাধ্যমক জনাইছে, “সম্পূর্ণ ভিত্তিহীন দাবী । আমি সশৰীৰে কৰ’নাত মৃত্যুৰ তথ্য সংগ্রহ কৰিছো । এশ-দুশ মৃত্যুৰ তথ্য ইফাল-সিফাল হ’ব পাৰে । কিন্তু ইমান পার্থক্য হ’ব নোৱাৰে ।”

পাকিস্তানৰ মন্ত্রীৰ আৰু দাবী, হাস্পাতাল, সমাধিস্থলৰ পৰা তথ্য সংগ্রহ কৰিছে পাক চৰকাৰে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য সংগ্রহৰ প্রক্রিয়াত আসোঁৱাহ আছে বুলিও দাবী পাক স্বাস্থ্যমন্ত্রীৰ । WHO-ৰ তথ্য প্রত্যাখ্যান কৰি লিখিতভাৱেও জনাইছে প্রতিবেশী দেশখনে ।

প্রসংগত, বিশ্ব স্বাস্থ্য সংস্থাই দিয়া তথ্য অনুযায়ী, আগষ্ট ২০২০-ত অর্থাৎ যি সময়ত সমগ্ৰ দেশত কৰ’নাৰ বাবে তলাবন্ধ ঘোষণা কৰা হৈছিল সেই সময়ত দেশত মৃত্যুৰ সংখ্যা আছিল ৬২ হেজাৰ । কিন্তু ছেপ্টেম্বৰৰ পৰা মৃত্যুৰ হাৰ বাঢ়ি থাকে । দ্বিতীয় ঢৌৰ সময়ত, বিগত বৰ্ষত এপ্রিল, জুনত ২৭ লাখ হয় । যদিও এই দাবী নাকচ কৰিছে ভাৰতে ।

Exit mobile version