Abortion Right : উচ্চতম ন্যায়ালয়ৰ ৰায় অনুযায়ী যদি আমেৰিকাত গর্ভপাত অবৈধ হয় তেন্তে কি হ’ব ?

CF7AE7E9 BDF0 4D21 A751827D0B36542A source

যদি উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি গর্ভপাত অবৈধ হৈ যায়, অৱশ্যে আমেৰিকাজুৰি তাৰ কিমান প্রভাৱ পৰিব ? সম্প্ৰতি এই প্রশ্নই ঘূৰিছে আমেৰিকাবাসীৰ মনত । কাৰণ শীৰ্ষ ন্যায়ালয়ৰ ফাদিল হোৱা এটা নথি অনুযায়ী আমেৰিকাত প্রায় অর্ধেক প্রদেশৰ মহিলাই গর্ভপাতৰ অধিকাৰ হেৰুৱাব ।

শীর্ষ আদালতৰ ন্যায়াধীশ ছেমুৱেল আলিটোৰৰ এটা খচৰা প্রস্তাৱ অনুযায়ী (যি নথি ফাদিল হৈছে) ১৯৭৩ত ‘ৰ’ ভাৰ্চেছ ৱেড’ গোচৰত শীৰ্ষ ন্যায়ালয়ত যি ৰায় দিছিল সেয়া খাৰিজ হৈ যাব । এই গোচৰত তৎকালীন ন্যায়াধীশসকলে ৰায় দিছিল, কেন্দ্রীয় বা প্রাদেশিক চৰকাৰ গর্ভপাত নিষিদ্ধ কৰিব নোৱাৰে । কিছু চর্ত আরোপ কৰিহ পাৰে । এগৰাকী মহিলাৰ নিজৰ দেহৰ ওপৰত এশ শতাংশ নিয়ন্ত্রণ ৰখাৰ অধিকাৰ আছে । তাৰ পাছৰ পৰাই আমেৰিকাৰ প্রতিখন প্রদেশত গর্ভপাতৰ অনুমতি দিয়া হয় ।

এই ফাদিল হোৱা নথিক কেন্দ্র কৰি কার্যত দুভাগ আমেৰিকা । নাৰী অধিকাৰ আন্দোলনৰ কর্মচাৰীসকলে ধাৰণা কৰিছে, উচ্চতম ন্যায়ালয়ে নাৰীৰ অধিকাৰত যি সুৰক্ষা কৱচ দিছিল, সেইটোৱে ৫০ বছৰৰ পাছত কাঢ়ি ল’ব শীর্ষ আদালতে । আনহাতে, বিৰোধীসকলে গর্ভপাতক আদালত অবৈধ ঘোষণা কৰাটো বিচাৰিছে ।

অৱশ্যে আইন বিশেষজ্ঞসকলে ধাৰণা কৰিছে, আদালতে যদি ৰায় দিয়ে, তেন্তে এতিয়াই দেশজুৰি গর্ভপাতক অবৈধ ঘোষণা কৰা নহ’ব । তাৰ পৰিৱৰ্তে প্রতিখন প্রদেশে সিদ্ধান্ত ল’ব কিমান ৰেহাই দি তেওঁলোকে এই আইন প্রয়োগ কৰিব । তেওঁলোকে অনুমান কৰিছে, আমেৰিকাৰ ৫০খন প্রদেশৰ ভিতৰত অর্ধেকে এই ৰায় এসপ্তাহৰ ভিতৰত প্রয়োগ কৰিব ।

বাকী প্রদেশসমূহে কেৱল তেওঁলোকৰ নিজৰ মহিলাসকলক নহয়, যি প্রদেশসমূহত গর্ভপাত অবৈধ ঘোষণা কৰা হৈছে সেই ঠাইৰ মহিলাসকলেও যদি তেওঁলোকৰ প্রদেশত আহি গর্ভপাত কৰাব বিচাৰে, তাৰো অনুমতি দিব ।

২০১৯ত আমেৰিকাৰ পিউ ৰিছার্চ সংস্থাৰ সমীক্ষাই জনাইছে,৬২ শতাংশ আমেৰিকাবাসীয়ে গর্ভপাত বৈধ হোৱাটো উচিত বুলি ভাবে । ৩৮ শতাংশ‌ ইয়াক অবৈধ কৰাৰ পক্ষত । ২০২১ৰ এটা সংবাদমাধ্যমৰ সমীক্ষাতো প্রায় এই তথ্য উত্থাপিত হয় ।

আদালতৰ এই খচৰা প্রস্তাৱ প্রকাশ্যত অহাৰ পাছত সৰৱ হৈছে ডেম’ক্রেটসকল । প্রতিবাদ আৰম্ভ কৰিছে নাৰী অধিকাৰ আন্দোলনৰ কর্মচাৰীসকলে ।

Exit mobile version