Ayodhya : লতা মংগেশকাৰ নামত পথ নিৰ্মাণ হ’ব অযোধ্যাত, দ্ৰুত গতিত কাম শেষ কৰাৰ নিৰ্দেশ দিলে যোগীয়ে

1651985244 yogi

উত্তৰ প্ৰদেশত, ষ্টেচন হওঁক বা ৰাস্তাই হওঁক, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামত বহু ঠাইৰ নাম সলনি কৰা হৈছে। এইবাৰ অযোধ্যাৰ এটা গুৰুত্বপূৰ্ণ পথৰ নাম সলনি কৰাৰ সিদ্ধান্ত ল’লে যোগীয়ে ।

সেই পথটো নাম কিংবদন্তি সংগীতশিল্পী লতা মংগেশকাৰৰ নামেৰে নামাকৰণ কৰা হ’ব। তেওঁ ইতিমধ্যে এই সন্দৰ্ভত অযোধ্যাৰ পৌৰ নিগমক নিৰ্দেশ দিছে।

যোগীয়ে নিগমক এই সন্দৰ্ভত ১৫ দিনৰ ভিতৰত এটা প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈও কৈছে। নিগমে সিদ্ধান্ত ল’ব কোনটো পথ লতা মংগেশকাৰৰ নামেৰে নামাকৰণ কৰা হ’ব।

যোগীয়ে পথটো তৎক্ষণাৎ চিনাক্ত কৰিবলৈ আৰু চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।

যোগীয়ে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাচগঞ্জত এখন ৰাজহুৱা সভাৰ পৰা কৈছিল যে অযোধ্যা চহৰৰ এটা গুৰুত্বপূৰ্ণ পথৰ নাম কিংবদন্তি সংগীতশিল্পী নামেৰে ৰখা হ’ব। এইবাৰ ভোট শেষ হোৱাৰ লগে লগেই যোগীয়ে কাম আৰম্ভ কৰে।

ইয়াৰ পূৰ্বে যোৱা বছৰ ডিচেম্বৰত ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ ঝান্সি ৰেল ষ্টেচনৰ নাম সলনি কৰি বীৰাঙ্গনা লক্ষ্মীবাই ৰেল ষ্টেচন ৰখা হৈছিল। এলাহাবাদৰ নাম সলনি কৰি প্ৰয়াগৰাজ কৰা হৈছিল। মোগলচৰাই ষ্টেচনৰ নাম সলনি কৰি দীনদয়াল উপাধ্যায় ৰেল ষ্টেচন ৰখা হৈছিল।

Exit mobile version